সূৰ্য্য উদয় যদি
লক্ষ্য আমাৰ
সূৰ্য্যাস্তৰ
পিনে ধাৱমান কিয় ?
শীতল বৃষ্টি যদি
কাম্য আমাৰ
অনাবৃষ্টি খেদি
ফুৰিছোঁ কিয় ?
ফুৰিছোঁ কিয় ?
কেতিয়াবা দেউতাৰ
চকু দুটা পোৰে
বুঢ়ী আয়ে নিজৰেই
চকুপানী পিয়ে
দেশৰ ৰাইজখনে
প্রাপ্য বিচাৰি
নিজৰেই ডিঙি
পাতি দিয়ে ৷
ভাবিছিলোঁ কিবা
পিচে হ’লগৈ কিবা
অঙ্কটো নিমিলা হ’ল
সমৃদ্ধি সপোন ভাগিল
ছিগিল
পৃথিৱী নিমাতী হ’ল অ’ আই
পৃথিৱী নিমাতী হ’ল ৷
সমাজ ঘড়ী আজি
থমকিছে কিয় ?
অনাবৃষ্টি খেদি
ফুৰিছোঁনো কিয় ?
সংজ্ঞাবিহীন
শান্তিৰ ভাবনা
পুৰণি গুহাতে
লুকায়
অৱচেতনাৰ
আৰ্ত্তনাদেৰে
নিজকে নিজেই ঘপিয়ায়
বহুদিন হ’ল .. খৰাং বতৰ
ক্ষয় চিহ্নিত
ভালপোৱা
বৰগছ শিপা আৰু
কঠিয়াতলীত
তেজ ঢালিবলৈ
যোৱাঁ
সাৰ ঢালিবলৈ
যোৱাঁ ৷
হওক কলিজাৰ
তেজবোৰ
কাজল কাজল মেঘ
মৃত ভাইটিৰ চকু
কৃষ্ণচূড়া
ব্যক্তি গোষ্ঠী
মিলি বোৱাওঁ আহাঁ
শান্তি শীতল
নিজৰা ৷
আৰু সময় নষ্ট
কৰোঁ কিয় ?
সূৰ্য্য উদয় যদি
লক্ষ্য আমাৰ
সূৰ্য্যাস্তৰ
পিনে ধাৱমান কি ?
(মুম্বাই: ১৬ জুন, ১৯৯৭ চন)
(ভূপেন হাজৰিকাদেৱৰ
গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment