সুৰাত মগন ভয়াল
ৰাতি
মৌন কোলহল
মই যেন ৰ’দৰ বিলাপ
শব্দৰ সমদল ৷
সুৰাত মগন ভয়াল
ৰাতি
মৌন কোলহল
মই যেন ৰ’দৰ বিলাপ
শব্দৰ সমদল ৷
চন্দ্র তৰাক থাপ
মাৰি আনি
থেকেচি পেলাবৰ হ’ল
সূৰ্য্যমুখীয়ে
সজাব কাহানি
বেথাৰ সমাধিতল
সুৰাত মগন ভয়াল
ৰাতি
মৌন কোলহল
মই যেন ৰ’দৰ বিলাপ
শব্দৰ সমদল ৷
নিয়ম পিয়াসী সন্তানবোৰে
নিয়ম নমনা হ’ল
মাতৃৰ চকু ঘন
কুৱঁলীৰ
গহ্বৰ হৈ গ’ল ,
শগুণে সদায়
সভাকে পাতে
ভাষন পৰি ৰ’ল
দিনবোৰ আমাৰ মৃত
হৰিণৰ
বেঁকা শিং যেন হ’ল
মই যেন এক ৰ’দৰ বিলাপ
শব্দৰ সমদল ৷৷
(ভূপেন হাজৰিকাদেৱে ৰচা জয়ন্ত হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত )
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment