সুৰ নগৰীৰ ...
সুৰৰ... কুমাৰে..
সপোন সনা ৰামধনুৰ
ৰহণ হেৰুৱায়....
ৰহণ হেৰুৱায়....
ৰহণ হেৰুৱায়.... !!
মিঠা মৰণৰ ..
মিনতি শুনি..
চিতালৈ আগুৱায়
ৰহণ হেৰুৱায়
ৰহণ হেৰুৱায় ৷
সৰা শেৱালিৰ শুকুলা বাটত !
সুৰ ৰূপ এটি হয়
সুৰৰে কোমল পৰশে.. ৰূপৰ
আনে পৰাজয়
আনে পৰাজয় ..
আনে পৰাজয় ,,৷
এদিন নিশা পছোৱা... আহিল
এদিন নিশা... পছোৱা আহিল !
ৰূপ নিলে উৰুৱাই....
সুৰ সুৰ বুলি... কতনা.. বিনালে...
সুৰো যে কাষতে নাই
ৰহণ হেৰুৱায়
ৰহণ হেৰুৱায় ..৷
মৰণৰ বাবে.. চগাৰ মৰম...!
শিখাই সাবটি লয়... !
নিশাৰ শেষত
চগাৰ.. স্মৃতিত !
শিখাও নুমাল হায়
ৰহণ হেৰুৱায়
ৰহণ হেৰুৱায় !
ৰহণ হেৰুৱায় ৷৷
(গুৱাহাটী, ১৯৪৮ চন)
(ভূপেন
হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment