সেউজীয়া
বননিৰ বন বৈৰাগী
বনে বনে
ফুৰিছিলোঁ বনঘোষা গাই
বনে বনে
ফুৰিছিলোঁ বনঘোষা গাই
বগাকৈ
বগলীয়ে বগা বগা পাখিৰে
বিচিছিল
বগা বগা চোঁৱৰ বুলাই !
বনে
বনে ফুৰিছিলোঁ বনঘোষা গায়
বনে
বনে ফুৰিছিলোঁ বনঘোষা গায় ৷
গৈছিলোঁ
বনৰীয়া বাটে বীণ বাই
বস্ত্ৰৰ
বনগুটি গুচাই গুচাই !
বনমালা
পিন্ধি বনমালী ৰূপ লৈ !
উঠিছিলোঁ
কদমত বংশী বজাই ৷
বনে
বনে ফুৰিছিলোঁ বনঘোষা গায়
বনে
বনে ফুৰিছিলোঁ বনঘোষা গায় ৷
আজি
মুকলি বতাহৰ আহ-যাহ নাই
বননিৰ বন
নাই, নাই চৰাই
সাঁচিপতীয়া
বন বিনন্দীয়া
পঁজাৰ
কাষতে আজি দিবানে সজাই
আকৌ ফুৰিম মই বনঘোষা গাই
আকৌ ফুৰিম মই বনঘোষা গাই ৷৷
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ → দিগন্ত শইকীয়া)
No comments:
Post a Comment