সোঁৱৰণী
কুঁৱলীয়ে
চিঞৰি চিঞৰি কয়
অতীতৰ সীমাৰেখা
নাই ৷
সমুখতো দেখোঁ
আজি পুৰণি বাগৰি পৰে
নতুনে মাথোঁ
ৰিঙিয়ায় ৷৷
জীৱনৰ বাটটিত
এৰি অহা খোজবোৰ
নিতে মচে কোন
ধুমুহাই ৷
মিছায়ে উভতি চাই
পাহৰে গীতটি গাই
দেহা মোৰ
ভাগৰিহে যায় ৷৷
কিবা যেন বিচাৰি
হেৰুৱালোঁ পৰিচয়
পৰিচিতো আঁতৰিহে
যায় ৷
আজিৰ সোঁতত বহি
কালিৰ সপোন দেখি
আশা মোৰ নিতে
বাঢ়ি যায় ৷৷
(গুৱাহাটী, ১৯৪৮ চন)
(ভূপেন হাজৰিকাদেৱৰ
গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment