সোঁৱৰণি মোৰ
ৰাঙলী জীৱনৰ
ৰঙবোৰ কেনিবা গ’ল
পাহৰণি এন্ধাৰত
ধুনীয়া অতীতৰ
জীৱন্ত সমাধি হ’ল ৷
মনৰে আঁতবোৰ
কেনি হেৰুৱালোঁ
ভাষাৰে পখিলী
কেনি উৰুৱালোঁ
বহু দূৰ আঁতৰি গ’ল
উভতি নোচোৱা হ’ল ৷
হাতীপটি ভাগি
পৰিল
আকাশত অগনি
জ্বলিল
সূৰুজৰ চকুলো
সৰিল
পাহৰণি – এন্ধাৰত
ধুনীয়া অতীতৰ
জীৱনলত সমাধি হ’ল ৷
পাহৰা দিনৰে কত
পম খেদিলোঁ
গভীৰ নিৰাশাৰ
লুইতত বুৰিলোঁ
উশাহ নোহোৱা হ’ল
সুৰবোৰ কেনিবা গ’ল ৷৷
(কথাছবি: পুৱতি নিশাৰ সপোন, ১৯৫৯ চন)
(ভূপেন হাজৰিকাদেৱৰ
গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment