কাৰ আকাশৰ
ৰামধেনুখনি
কেনিবা লুকায় !
কেনিবা লুকায়,
কাৰ সপোনৰ
ফুলনিখনি..!
মৰহি শুকায়
জীৱনৰ লুইতত
নাও মেলি দে
আশাৰ তুলি লৈ
পাল
একোকে নেপালে
পায়ো হেৰুৱালে
নিছিগে মায়াৰে
জাল
হায় ! হা্য় !
উৰি গুচি গ’ল লুইতপৰীয়া !
চাকৈ – চকোৱা হাল
অকলশৰীয়া
নিশাটি জনাই
নিশাটি জনাই
ৰ’বনো ক’তনা বাট চাই ৷
নিশা এন্ধাৰত
প্রজাতে চিঞৰি !
ঊষাটি বলিয়া হ’ল !
ওলাই জোনৰ
হাঁহিটি দেখি..
ঊষাকো পাহৰি গ’ল ৷
মানৱী জলধিত
পুৱাতে উঠিলে....
জনমৰে কোলাহল.....!
নিমাতী গধূলি.. !
আহিলে কুৱঁলি... !
মৰণৰে.. মহাকাল.. !
মৰণৰে... মহাকাল...!
মৰণৰে..... মহাকাল.....!
মৰণৰে...... মহাকাল......৷৷
(কথাছবি : পাৰাঘাট, ১৯৪৯ চন )
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত
শইকীয়া)
No comments:
Post a Comment