অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কাৰোবাৰ দুনয়ন সৰগৰ তৰা



কাৰোবাৰ দুনয়ন সৰগৰ তৰা যেন লাগে

নেজানো মোৰ কি যে হল !

নেজানো মোৰ কি যে হল !

মৰমৰ সাগৰত সাঁতোৰাৰ হেঁপাহত ছাগে

কোনো দেৱী বাউলী হল ৷৷




জোনত ! কামনাৰ ..

          জোনাক ! সৰিলে..!

ফুলৰ ! বাসনাত !

          ভোমোৰা ! উৰিলে..!

মিলনৰ বাসনাত 

           বুকু মোৰ হম্ হম্ কৰে

নেজানো মোৰ কি যে হল ৷


 
কোনোবা !

        ৰূপহীৰ ..

মৰমী ! চাৱনি !

       লাজুকী লতাৰে 

               লাজ যেন  শুৱনিৰ

কলিজাই লগৰী বিচাৰি বিচাৰি ফুৰে

নেজানো কাৰ 

         কি যে হ

নেজানো কাৰ 

          কি যে হ

ৰাগিণীৰপৰা জানো গীতিকাৰ পলাব পাৰে

নেজানো মোৰ কি যে হল  

নেজানো মোৰ কি যে হল  

ওঁ হু হু কি যে হ'ল !

নেজানো মোৰ কি যে হল ৷



(কথাছবি: বৃষ্টি, ১৯৭৪ চন)
(কণ্ঠঃ- কুল বৰুৱা)
(কথাঃ- ভূপেন হাজৰিকা) 
(সুৰঃ- জয়ন্ত হাজৰিকা)
(পৰিচালকঃ- দেউতি বৰুৱা)
(সংগীত পৰিচালকঃ- জয়ন্ত হাজৰিকা)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: