ভূঃহাঃ কাকিনী তামোলৰ
শুৱনিকৈ পাণ
পদূলিমুখতে
আছা মাইজান
দুয়োঃ (তুমি হা্ঁহি
দিলা
আমি হাঁহি দিলোঁ)←২
ভাঃদাঃ সেই হাঁহিৰ
খলকনিত
দুয়োঃ এজাক শৰালি হাঁহ
উৰি গ’লগৈ !
কাকিনী তামোলৰ
শুৱনিকৈ পাণ
পদূলিমুখতে
আছা মাইজান
-
ভূঃহাঃ তামোল সজোৱা
চেনেহ মিহলাই
ভাঃদাঃ আজি...
কিনো খাওঁ..
কিনো খাওঁ..
বুজা দেখোঁ নাই
দুয়োঃ (তুমি খাব এখন
আমি খাম এখন)←২
ভাঃদাঃ সেই মিঠা
সোৱাদতে..
দুয়োঃ গুণাফুলৰ
ৰিহাখনি
উৰি গ’ল গৈ
কাকিনী তামোলৰ
শুৱনিকৈ পাণ
পদূলিমুখতে
আছা মাইজান ৷
-
ভূঃহাঃ কিনো...
তামোল..
তামোল..
দিলা মাইজান
ভাঃদাঃ গাতে...
ধৰিলে...
ধৰিলে...
দেখোঁ মাইজান..
দুয়োঃ (বুকু ৰমৰমায়
হিয়া চমচমায়)←২
ভাঃদাঃ সেই তপত চাৱনিতে
দুয়োঃ আমাৰ বুকুৰ
পোৰণি
বাঢ়ি গ’লগৈ
কাকিনী তামোলৰ
শুৱনিকৈ পাণ
পদূলিমুখতে
আছাঁ মাইজান ←৩ ।।
-
(কলকাতা: ১৯৭৮ চন )
[ভূপেন হাজৰিকা আৰু ভাস্কৰ দাসৰ কণ্ঠেৰে নিগৰিত গীত]
[ভূপেন হাজৰিকা আৰু ভাস্কৰ দাসৰ কণ্ঠেৰে নিগৰিত গীত]
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment