অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কাকনো সুঁৱৰি কিনো বিচাৰি


কাকনো সুঁৱৰি কিনো বিচাৰি
খাৱ তই হাবাঠুৰি ৷
ৰৈ ৰৈ হেৰ হুমুনিয়াহ কাঢ়
বুকু উঠে গুমৰি গুমৰি ৷৷

কাৰ অভিশাপে, কি অনুতাপে
মন উঠে শোকেৰে ভৰি
কাক নিচিনিলি, কাক দলিয়ালি
কোন কেনি যে গলগৈ আঁতৰি ?
কোন ধুমুহাই, কি উৰুৱাই
কিবা তোৰ নিলে কাঢ়ি ?
নোপোৱাটো পালি, পায়ো হেৰুৱালি
ত পাবি এতিয়া বিচাৰি ৷৷

(কথাছবি: ধুমুহা, ১৯৫৭ চন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: