অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কিৰিলি কিৰিলি মাৰিলি


হুৰ্ ৰ্ ................
কিৰিলি কিৰিলি কিৰিলি কিৰিলি কিৰিলি মাৰিলি.....

কিৰিলি কিৰিলি মাৰিলি
পীৰিতিত কিয় মজিলি

কিৰিলি মাৰিলি
পীৰিতিত মজিলি ৷

... ৰূপহীৰ হাবিতে বাটে হেৰুৱালি
ৰূপহীক বিচাৰি হাবাথুৰি খালি..
মিঠাকৈ ওঁঠ বুলি বিছাক চুমা খালি...
  মিঠাকৈ ওঁঠ বুলি বিছাক চুমা খালি...
মৎস্যকন্যা বুলি সৰ্পিনীত মুহিলি
কিৰিলি কিৰিলি মাৰিলি
পীৰিতিত কিয় মজিলি ?
কিৰিলি মাৰিলি
পীৰিতিত কিয় মজিলি ?

ফলাফল নেজানি পীৰিতি কৰিলি
কোন গাঁৱৰ ডেকা তই কি ভুল কৰিলি
কোন গাঁৱৰ ডেকা তই কি ভুল কৰিলি
পোহৰৰ মেখেলা জিলিকা দেখিলি !

পোহৰৰ মেখেলা জিলিকা দেখিলি
চিত্রলেখা বুলি অগনি সাবটিলি ৷
কিৰিলি কিৰিলি মাৰিলি
পীৰিতিত কিয় মজিলি ?
কিৰিলি মাৰিলি
পীৰিতিত  মজিলি ?

যদি কেহানিবা তাইক দেখিছিলি
মিঠা হাঁহি দেখি তয়ো হাঁহিছিলি
মিঠা হাঁহি দেখি তয়ো হাঁহিছিলি
অঙ্গশোভা দেখি বলিয়া যেন হলি !

অঙ্গশোভা দেখি বলিয়া যেন হলি
শীতল পানী বুলি অগনি সাবটিলি ৷
কিৰিলি কিৰিলি মাৰিলি
পীৰিতিত কিয় মজিলি ?
কিৰিলি মাৰিলি
পীৰিতিত মজিলি

হে  কিৰিলি মাৰিলি
পীৰিতিত কিয় মজিলি

কিৰিলি মাৰিলি
পীৰিতিত মজিলি ৷৷

(কলকাতা: জুন,১৯৯৪ চন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: