কিছু দিন আগতে
পুঁৱতি নিশাতে
সপোন এটি
দেখিছিলোঁ
ৰাজপথে ৰাজপথে
বিজুলিখুঁটিত
ওলমা মৃতদেহ
দেখিছিলোঁ ৷
সুধিলোঁ: এয়া
কাৰ মৃতদেহ ?
ক’লে: ইহঁত চোৰাংবেপাৰী
ঘটিছিল বহু ক’লা ধন
হৈ ৰাইজৰ মৰণৰ
বেপাৰী ৷
হঠাৎ ভাগি গ’ল সপোন মোৰ
বিজুলিখুঁটিত
দেখোঁ নাই মৃতদেহ !
(বুজোঁ) মোৰেই মূৰৰ বিকৃতি ঘটিছে
দুৰ্নীতি নাই
হোৱা শেষ ৷
মাতৃয়ে নিচুকনি
গাবলৈ পাহৰিলে
অৰ্দ্ধমৃত শিশু
দেখি
ভেজাল খাদ্যৰো
জুই – ছাই দাম
পনীয়া ঔষধ দিয়ে
লেখি ৷
(হেৰ’) দেখিছনে নাই তোৰ ঘৰৰ কেষতে
দুৰ্ব্বল অকণিৰ
কামীহাড়
নোহোৱা নকৰ কিয়
কিঞ্চিৎ দুখ
শত শত নিবনুৱাৰ
৷
(হেৰ’) লৈ আহ সকলো দু:খী জনতাৰ
কষলে অকণমান সুখ
তেতিয়াহে
সন্ম্মান কৰিম
তহঁতৰ বৰ বৰ কথা
কোৱা মুখ ৷
চোৰাং বজাৰীৰ
সংখ্যা যিমান
সিমানেই আছে
দেখোঁ বিজুলিখুঁটি
সিহঁতক তেনেহ’লে ফাঁচি নিদিয় নেকি ?
দিছিলি দেখোঁ
প্রতিশ্রুতি ৷
[ গীতটি ১৯ আগষ্ট, ৭৩-ৰ দিনাই অৰ্থাৎ খাদ্যৰ চৰা দামৰ বিৰুদ্ধে পালন কৰা ‘অসম বন্ধ’ৰ দিনা লিখা ৷ গুৱাহাটীত ৷ ]
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত
শইকীয়া)
No comments:
Post a Comment