অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি

(হুঁ হুঁ..  হাঃ হাঃ হাঃ..)
কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি 
অতীতৰ কাৰোবাৰ নূপুৰ শুনিলি 
-
পাহৰণি কুঁৱলী
নীৰৱ সিপাৰে
পৰি আছোঁ
একাধিক শতাব্দী ধৰি
-
পৰি আছোঁ - ৩
-
ধুৱলী কুঁৱলী কি সপোন ভাঙিলি
-
অতীতৰ কাৰোবাৰ নূপুৰ শুনিলি 
-
-
অন্ধযুগৰ 
মকৰাৰ 
পুৰণি জালৰ
বন্দিনী মই
অদেখা অজানা অশৰীৰী
-
পৰি আছোঁ
উচুপিছোঁ
পৰি আছোঁ 
-
-
বৰ্ত্তমান তই তৃষ্ণাৰ্ত্ত - ২
অতীতক 
হঠাতে
কিয় তই জগালি 
কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি 
-
অতীতৰ কাৰোবাৰ নূপুৰ শুনিলি 
-
কুঁৱলী কুঁৱলী  ।।

(কথাছবি: কুঁৱলী)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: