অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কি যে তোমাৰ সঙ্গ প্রিয়া


কি যে তোমাৰ সঙ্গ প্রিয়া..
কি যে তোমাৰ সঙ্গ..
কি যে তোমাৰ সঙ্গ প্রিয়া....
কি যে তোমাৰ সঙ্গ....
তোমাৰ অঙ্গ জ্বলন্ত জুই
তোমাৰ অঙ্গ জ্বলন্ত জুই
মই  যে পতঙ্গ
কি যে তোমাৰ সঙ্গ প্রিয়া..
কি যে তোমাৰ সঙ্গ..

জীৱনৰ ৰস যিমান
তৃষ্ণাও বাঢ়ে সিমান
জীৱনৰ ৰস যিমান
তৃষ্ণাও বাঢ়ে সিমান
এই নিশা নেলাগে সোণ
এই নিশা নেলাগে সোণ
কথাৰ প্রসঙ্গ !
তোমাৰ অঙ্গ জ্বলন্ত জুই
তোমাৰ অঙ্গ জ্বলন্ত জুই
মই যে পতঙ্গ !
কি যে তোমাৰ সঙ্গ প্রিয়া
মিঠা তোমাৰ সঙ্গ ৷

মনে মনে অহা যোৱা
তাৰে নাম ভালপোৱা !
মনে মনে অহা যোৱা
তাৰে নাম ভালপোৱা ,
আকাশে বজালে শুনা
মিঠা জলতৰঙ্গ !
মিঠা জলতৰঙ্গ !
সমাজৰ নীতি নিয়ম
ভঙাটোও নতুন নিয়ম
সমাজৰ নীতি নিয়ম
ভঙাটোও নতুন নিয়ম
আজি নিশা নেযাবা সোণ
আজি নিশা নেযাবা সোণ
কৰি মোক নি:সঙ্গ
তোমাৰ অঙ্গ জ্বলন্ত জুই !
তোমাৰ অঙ্গ জ্বলন্ত জুই !
মই যে পতঙ্গ ..
কি যে তোমাৰ সঙ্গ প্রিয়া
কি যে তোমাৰ সঙ্গ
কি যে তোমাৰ সঙ্গ প্রিয়া
কি যে তোমাৰ সঙ্গ ৷৷

(কলকাতা: ২৭ ফেব্রুৱাৰী, ১৯৭৮ চন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: