অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

ঘনে ঘনে কত শিশুক


ঘনে ঘনে কত শিশুক
জন্ম দিবা তুমি ?
তুমি জন্ম দিবা
স্বাৰ্থবিহীন মৰতলে আনি ৷৷

তুমি যদি নিজে হোৱাঁ
ভঁৰাল ৰোগৰ
তোমাৰ মৰম হ
পানী লুইতৰ ৷
এতিয়াই চিন্তি তোমাৰ শিশুক
তাক নকৰাঁ কিয় সুঠাম সবল
তেহে তুমি হাঁহিৰে
ঘৰ উজলাবা ৷৷

বিশ্ব জোৰাই জানো অভাৱৰ ভাৰ
অগণন শিশুক দিবা পোহপাল
সেয়ে আগতীয়া পন্থা গ্রহণ কৰি
সীমিত নকৰাঁ কিয় সখী পৰিয়াল ৷
তেহে তুমি প্রাণ ভৰি হাঁহিব পাৰিবা
তুমি ঘনে ঘনে কত শিশুক জনম দিবা ??

(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: