অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

ঘৰতে নবহে মন (মৰমৰ ভাষাৰে আখৰ নাইকীয়া)


ঘৰতে নবহে মন সমনীয়
           পথাৰত নবহে মন
কমোৱা তুলাবোৰ যেনেকৈ উৰিছে
        তেনেকৈ উৰিছে মন ৷
মনৰে বননিৰে চেনেহৰ বজৰাৰ
         পানীকে এটুপি পিওঁ
পোৰাকৈ ভেটিতে তুমি ঘৰে বান্ধা
        আমি টঙাল তুলাই দিওঁ ৷৷
লুইতৰ চাপৰিত চাকৈয়ে কান্দিলে
        মানুহৰ নাও খন চাই
মানুহৰ দোষতে মানুহ বুৰিব
       আনকচোন দোষিবৰ নাই ৷৷
ভাষা নুবুজিও যুগে যুগে আহে
        মানুহে মানুহৰ পিনে
মৰমৰ ভাষাৰে আখৰ নাইকীয়া
         বুজিব খুজিলেই চিনে ৷
গঙ্গাৰ চাপৰিৰ তলিতে দেখিবা
        লুইতৰ পলসো আছে
তোমাৰে মোৰে আইয়ে কান্দিলে
        একেই চকু  পানী মচে ৷৷
তুমিয়ে মইয়ে দেশখন গঢ়োঁতে
         যদিহে কেঁচা ঘাম সৰে
দুয়োৰে ঘামেৰে মিলনে দেখিবা
        বুৰঞ্জী ৰচনা কৰে ৷
এনেনো দুখ লাগে, বান্ধৈ
      এনেনো দুখ লাগে
এনেনো ভাল লাগে, বান্ধৈ
    এনেনো ভাল লাগে ৷

( কলকাতা, ১৯৬০)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: