অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

ঘৰ ঘৰ বুলি


ঘৰ ঘৰ বুলি খাওঁ হাবাথুৰি
আঁচনি কম্পমান
তথাপি কিয় কৰি আছোঁ মই
বালিঘৰ নিৰ্ম্মান

শূন্য শূন্য এই জীৱন
নাই নাই মান অভিমান
নাই স্নেহ নাই মান
তথাপি কিয় জীয়াই থকাৰ
সুদা শুনো আহ্বান

নিৰাশ সাগৰ মৌন আকাশ
তৰঙ্গও নিষ্প্রাণ
তথাপি যেন দিগন্তত শুনো
নতুনৰ কলতান

অনন্ত মৰু তপ্ত চিন্তা
মৰীচিকা থান বান
তথাপি তাতেই দেখিছোঁ ৰিণিকি
জীৱন জ্যোতিষমান
সেয়েহে কিজানি
কৰি আছোঁ মই
বালিঘৰ নিৰ্ম্মান !

(কলকাতা, ০৯/০২/১৯৭৮)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: