অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

ঘৰ আমাৰ মাটি হয়


ঘৰ আমাৰ মাটি হয়
মাটয়েই
বাটেই আমাৰ আপোন হয়
আপোনেই পৰ
ঘৰ আমাৰ মাটি হয়
মাটয়েই
বাটেই আমাৰ আপোন হয়
আপোনেই পৰ ৷

এটি মিঠা জীৱন
এটি জীৱিকাৰ বাট
ৰাজপথে  এৰা বাটে
এষাৰি মৰমী মাত ..
বিচাৰো্তে দিন যায়
বিচাৰো্তে দিন যায়
কৰি দাম দৰ ৷
ঘৰ আমাৰ মাটি হয়
মাটয়েই
বাটেই আমাৰ আপোন হয়
আপোনেই পৰ ৷

চোৰাং কলা বজাৰতে
বহু কলা ধন পাবা,
এন্ধাৰ কলা গুদামতে
কুবেৰৰো ধান পাবা
তেনে পাপী কুবেৰৰ
নহওঁ আমি অনুচৰ
তেনে পাপী কুবেৰৰ
নহওঁ আমি অনুচৰ ,
খাটি খাটি নিকা অৰ্জ্জা
দুটি শুদা নিকা ভাত
এযোৰ মাথোন কাপোৰ
থাকে যদি এই গাত
তেতিয়াই পাওঁ দেখোন
প্রেৰণা মনৰ ৷
ঘৰ আমাৰ মাটি হয়
মাটয়েই
বাটেই আমাৰ আপোন হয়
আপোনেই পৰ ,
ঘৰ আমাৰ মাটি হয়
মাটয়েই
বাটেই আমাৰ আপোন হয়
আপোনেই পৰ ৷

(কথাছবি: চিকমিক্ বিজুলী , মুকেশৰ কন্ঠেৰে নিগৰিত , ১৯৬৯)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: