নাৰী : ও হো ও.... (আলাপ)
ঘুমটি যাওৰে ...
মোৰে সোণ জীউটি
শিয়ালী নাহিবি ৰাতি..
তোৰে কাণে কাটি ...
লগাম তেলৰ চাকি
শিয়ালী নাহিবি ৰাতি ....!
নাৰী : সোণ হালে-জালে আগলি বতাহে
লফা হালে-জালে পাতে
আমাৰে সোণটি হালিছে – জালিছে
দুখীয়াৰ শুদা পঁজাতে ...৷
ভূ:হা: এন্ধাৰ জীৱনক
উজলাই তুলিলি
ক’ৰে দেৱশিশু তই
এচেৰেঙা পোহৰ
পুৱাৰে সূৰুযৰ
পোহৰ হৈ উঠিছোঁ মই ৷
নাৰী : সোণে যেন সুধিছে
কাৰ বা চেনেহৰ
চিনাকি পৰশন পাই
মৰম কৰাজনে
কিয়বা কৰিছে
বুজাবৰ ভাষা যে নাই ৷
ভূ:হা: কোনোবাই মনতে
আজি যেন সুধিছে
সোণৰ নীলা চকু চাই
সোণ নো কোন
বা কাৰ এনাজৰী
সমিধান একোযে নাই ৷
নাৰী : সোণে যেন সুধিছে
অকণি মনেৰে
মৰম কৰাজননো কোন ?
বুকুৰ উমেৰে আশাৰ চাৱনিৰে
কিয়নো বুলিছে সোণ ৷
ভূ:হা: : মৰম কৰাজনে
সঘনাই ভাবিছে
সোণৰ জনমটোনো কি
বিনা অনুমতিত !
ঘৰলৈ সোমালে
বচাম চেনেহ ঢালি দি ..
ভূ:হা: জনমৰ সাঁথৰক
ভাঙিব নোৱাৰোঁ
নিজৰো ক্ষমতা নাই !
সেই বুলি জানো
জনম লোৱা জনক
অহাত বাধা দিব পায় ?!
ভূ:হা: ফেঁহুজালিত আহে নতুন সপোন
হেঙুল কিৰণ ভাহে
চন্দ্রই ভাবিছে তেওঁৰহে সপোন
সূৰ্য্যই মাথোন হাঁহে ৷৷
[কথাছবি : বনজুই, ১৯৭৮ চন]
[কণ্ঠঃ- ভূপেন হাজৰিকা আৰু অঞ্জু দেৱী]
[ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া]
No comments:
Post a Comment