চিয়াঙৰে গালঙ্
লোহিতৰে খামতি
তিৰাপৰে ৱানচুৱে
মোক কিয় মাতিছে
অসমীৰে পদূলিত
উদুলি যে মুদুলি
মৰম চেনেহৰে হাট
বহিছে..৷
-
আপাটানী ভনীটিক
ধৰিলোঁ সাৱটি
বেছৰূপে নিলে
মোক
আথে বেথে মাতি
ক’লে, আজি কিয় ৰঙৰে চকুলো সৰিছে
অ’.. পাহাৰৰে তলিতে
ভৈয়ামৰে সীমাতে
চিনাকি চিনাকি
কি সবাহ বহিছে ?
-
মন্পা ককাইটিক
ধৰিলোঁ সাৱটি
বিনিময়ত তেওঁ
দিলে বুদ্ধৰে মূৰতি
ক’লে - যুগ যুগৰ মিতিৰালিৰ ধ্বজা উৰিছে !
অ’..বহুদিনে নেদেখা পদম
ইদো নক্টে
‘আহ’ বুলি হিয়াৰে আপং যাচিছে..
-
একতাৰে বেহা কৰি
ভাৱিলো উভতোঁ
উভতিয়ে চাই দেখোঁ আহিছে সিহঁতো
ৰিঙিয়াই ক’লে মোক
কিছু বেলি ৰ’বি
উভতি গৈ তই
অসমীকে ক’বি
আজি পাহাৰে
ভৈয়ামে কলিজা চিনিছে
অ’ শোৰদুকপেন আৰু তাংচাই
অকা আৰু বৰীয়ে
চেনেহ এনাজৰীৰ বাটি কাঢ়িছে
চিয়াঙৰে গালঙ্
লোহিতৰে খামতি
তিৰাপৰে ৱানচুৱে
মোক কিয় মাতিছে ৷৷
[লোহিত → লুইত]
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত
শইকীয়া)
No comments:
Post a Comment