অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

বহাগ মাথোঁ এটি ঋতু নহয়


কথা:
বহাগ মাথোঁ এটি ঋতু নহয় , নহয় বহাগ এটি মাহ

গীত:
বহাগ মাথোঁ এটি ঋতু নহয়
নহয় বহাগ এটি মাহ
অসমীয়া জাতিৰ
ই আয়ুস ৰেখা !
গণ জীৱনৰ ই সা
গণ জীৱনৰ ই সা..
গণ জীৱনৰ ই সা !

বহাগ মাথোঁ বিহুতলী নহয়
নহয় ই নিশা ফুলা ফুল
বহাগেই আনি দিয়ে সমদল গতি
নেওচি জাতি কুল
ই প্রভেদক কৰেহি নাশ
বহাগ  মাথোঁ এটি ঋতু নহয়
নহয় বহাগ এটি মা..  !

বহাগ এটি মাথোঁ মাতো নহয়
নহয় ই কুলিৰে মাত
বহাগ এটি নৱ নৱ চিন্তাৰ
সাঁচিপাত পুথিৰে পাত
ই উজলায় জীৱন আকাশ !
বহাগ মাথোঁ এটি ঋতু নহয়
নহয় বহাগ এটি মাহ ..

বহাগ মাথোঁ বিহুগীত নহয়
বহাগ মাথোঁ বিহুগীত নহয় !
বহাগ মাথোঁ বিহুগীত নহয়
ইনাই বিনাই গোৱা !
বহাগ এখনি সৃষ্টি দলিল
সূৰ্য্যৰ জ্যোতিত পোৱা
বহাগেই এন্ধাৰৰ ত্রাস
বহাগ মাথোঁ এটি ঋতু নহয়
নহয় বহাগ এটি মাহ ..

বহাগত জাতিয়ে স্নান কৰে
বহাগত জাতিয়ে স্নান কৰে !
বহাগত জাতিয়ে স্নান কৰে
মলিয়ন বস্ত্র সলায়
সংগ্রামী জীৱনতো ৰণ প্রেৰণা
দিয়ে বৰদৈচিলাই
ওফৰাই দুখ নাগপাশ
বহাগ মাথোঁ এটি ঋতু নহয়
নহয় বহাগ এটি মাহ
অসমীয়া জাতিৰ
ই আয়ুস ৰেখা !
গণ জীৱনৰ ই সা
গণ জীৱনৰ ই সা....
গণ জীৱনৰ ই সা..
গণ জীৱনৰ ই সা.........!!

(কলকাতা , ১৯৮০)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: