অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

বুকু হম্‌ হম্‌ কৰে


বুকু হম্‌ হম্‌ কৰে
মোৰ আই ?
কোনে নিদ্রা হৰে !
মোৰ আই ?
পুত্র হৈ মই কি মতে তৰোঁ ?
আই, তোৰে হৈ মই মৰোঁ ?

বুকু হম্‌ হম্‌ কৰে
মোৰ আই ?

দেশৰে চন্দ্রমা
কাল আন্ধাৰে আৱৰে..
অগনি কালিকা..
দেহ ৰন্ধ্রে ৰন্ধ্রে চৰে..

বুকু হম্‌ হম্‌ কৰে
মোৰ আই ?

বজ্রসম দৃঢ় আই
চৌপাশৰে গড়..
চৌপাশৰে গড়.. ভেদিম
কিঞ্চিতো নাই পৰ  ৷

যাচিম সন্তনা... !
আই মুক্তি প্রভাতেৰে..
থাপিম থাপনা...!
আই শোণিত তিয়াগেৰে...

বুকু হম্‌ হম্‌ কৰে
মোৰ আই ?
কোনে নিদ্রা হৰে !
মোৰ আই ?
পুত্র হৈ মই কি মতে তৰোঁ ?
আই, তোৰে হৈ মই মৰোঁ ?

বুকু হম্‌ হম্‌ কৰে
মোৰ আই .....৷৷

(মণিৰাম দেৱান,১৯৬৩, কলকাতা)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: