অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

বৰ্তমান পৃথিৱীৰ ভীষণ অসুখ


শব্দ আৰু সুৰৰ পৃথিৱীত
ধেমালি কৰিলোঁ নানা মুদ্রাৰে 
নিৰানন্দ আৰু মহানন্দে মই
সত্যক ফঁহিয়ালো জীৱনবোধেৰে ৷

মই জীয়াই আছোঁ সময়ৰ আগে আগে
আত্মপ্রত্যয়ৰ বাবে
সাধাৰণৰ মাজতেই থাকিম
অসাধাৰণভাৱে ৷

মোৰ , গানৰ শব্দ, অতিকে সহজ
ৰসাল মাটিৰ হৰৰ 
মুক্ত আকাশ মুক্ত পৃথিৱী
মুক্ত সাগৰ লহৰ ৷

বৰ্তমান প্রথিৱীৰ ভীষন অসুখ
চৌদিশে দেখোঁ সংঘাত 
প্রতিজনে গাওঁ আহা শান্তিৰ গান
আনি জীৱনৰ জ্যোতিপ্রপাত ৷৷


(৬/৩/২০০৩ , মুম্বাই, দোকমোকালি)
(ভূপেন হাজৰিকাদেৱে লিখা শেষ গীতটো)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: