অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

বিশ্বৰ চন্দে চন্দে


বিশ্বৰ চন্দে চন্দে
মহানন্দে আনন্দে
নাচা .. নাচা তমো  হৰ দেউ নাচা;
বিশ্বৰ চন্দে চন্দে
মহানন্দে আনন্দে
নাচা ..
নাচা তমো  হৰ দেউ নাচা ৷

বন্দে ...
বন্দে  আজি সৱশকত বৃন্দে
বন্দে ...
তবচৰণকমল বন্দে ;
বিশ্বৰ চন্দে চন্দে
মহানন্দে আনন্দে
নাচা .. নাচা তমো  হৰ দেউ নাচা ৷

জ্বলোৱা শাগ্নিক তপ শুনো বহ্নি
বিনাশক এন্ধাৰ তবজয়ী অগ্নি
জ্বলোৱা শাগ্নিক তপ শুনো বহ্নি
বিনাশক এন্ধাৰ তবজয়ী অগ্নি ;
বিশ্বৰ দেউলত জ্ঞানৰে বন্তি
আলোকৰে শিখা উঠক নাচি
অজ্ঞান এন্ধাৰ বিনাশী
অজ্ঞান এন্ধাৰ বিনাশী
পুলকা নন্দে ..
বন্দে ...
বন্দে  আজি সৱশকত বৃন্দে
বন্দে ...
তবচৰণকমল বন্দে
বিশ্বৰ চন্দে চন্দে
মহানন্দে আনন্দে
নাচা .. নাচা তমো  হৰ দেউ নাচা

নাচোনৰ তালে তালে উচপিত বননি
চেৱে চেৱে হালে জালে
বিকশিত ফুলনিত !
নাচোনৰ তালে তালে উচপিত বননি
চেৱে চেৱে হালে জালে
বিকশিত ফুলনিত !
আমোলমোলে কলে
শুৱনি ধৰনি
পুস্পিত সুবাশিত গন্ধে ৷
বন্দে ...
বন্দে  আজি সৱশকত বৃন্দে
বন্দে ...
তবচৰণকমল বন্দে ;
বিশ্বৰ চন্দে চন্দে
মহানন্দে আনন্দে
নাচা .. নাচা তমো  হৰ দেউ নাচা ;
বিশ্বৰ চন্দে চন্দে
মহানন্দে আনন্দে
নাচা .. নাচা তমো  হৰ দেউ নাচা ৷৷

(ৰাভা সঙ্গীত ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: