অনুসন্ধান আকাংক্ষাত

Thursday, April 5, 2012

আগলি বাঁহৰে লাহৰি গগনা


আগলি বাঁহৰে, লাহৰি গগনা
বাজি উঠিল কিয় ?
আগলি কলৰে এখিলানো পাত
কঁপি উঠিল কিয় ?
মুকুতিৰ উৰুলি শুনি
            অহঙ্কাৰী ৰজাৰ নগৰী
            কঙ্কাল হল কিয় ?
            বন্দীশালৰ শিকলিবোৰ
            ছিগি পৰিল কিয় ?
            মুকুতিৰ উৰুলি শুনি ৷

ৰাজকাৰেঙৰ ৰঙা চকু নেউচি আহিল কোন ?
ডেকা বৰুৱাহে এইজন, মোৰেই কেঁচা সোণ
বজ্রকঠোৰ ৰাজনীতিক নেউচি োলাল কোন ?
ৰূপহী ৰাজকুঁৱৰী মোৰ আকাশৰে জোন ৷

        মৰম বৰনামঘৰৰৰে বৰখুঁটা পুতিলোঁ
        সমপ্রেমৰ সোণ ৰূপৰ পাট মেৰিয়ালোঁ ৷
        আওপুৰণি নীতি নিয়ম আমিয়ে ভাঙিলোঁ
        মন সীমাক বাধা দিয়া ধন গছকিলোঁ ৷

নীৰসজনক জীপাল কৰা বৰদৈচিলা আমি
বিচাৰৰে তুলাচনীৰ বিচাৰকো আমি
শতিকাৰে এলান্ধুকে হাৰোঁ-পেচোঁ আমি
হমতাৰে ৰহণ সানি নিকা কৰোঁ আমি ৷
        মুকলি আকাশ
        মুকলি উশাহ
        আমি দুয়ো আজি যেন
        মুকলি প্রকাশ
        দুটি দেহৰ দুটু দুটি মানুহ
        একেটি মাথোন হিয়া
        সমুখতে বাট আমাৰ
        মৰম সেন্দুৰীয়া ৷৷

(কথাছবি: বনহংস, ১৯৭৭ চন )

(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: