অনুসন্ধান আকাংক্ষাত

Thursday, April 5, 2012

আজি কি আনন্দ পেখোঁ


আজি কি আনন্দ পেখোঁ বিশ্বৰ ছন্দত ৷
পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হে’ ৷৷

ওঠৰশ ছয়ানব্বৈত হে’ লক্ষ্মীকান্তৰ গৃহত ৷
পূজা পাতি হৰিশ্চন্দ্র কৰে অভিনীত হে’ ৷৷

আজি কি আনন্দ পেখোঁ বিশ্বৰে ছন্দত ৷
পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হে ৷৷

ঊনৈশ শ তিনি চনত হয় পাৰ্টি এমেচাৰ ৷
‘ভ্রমৰঙ্গ’ ‘জয়মতী’ ৰ পাতে থিয়েটাৰ হে’ ৷৷

আজি কি আনন্দ পেখোঁ বিশ্বৰ ছন্দত ৷
পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হে’ ৷৷

‘মহৰী’ নামৰ নাট্য হে’ এদিন মঞ্চস্থ ভৈলা ৷
ভৱানীৰ গৃহে ‘সীতাৰ বনবাস’ হৈলা হে’ ৷৷

আজি কি আনন্দ পেখোঁ বিশ্বৰ ছন্দত ৷
পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হে’ ৷৷

ঊনৈশ শ ত্রিশ চনত হে’ এক ৰঙ্গমঞ্চ হৈলা ৷
শ্রীমন্ত শঙ্কৰৰ নামে নামকৰণ কৈলা হে’ ৷৷

বহু বহু বছৰ ধৰি হে’ বিদ্যুৎ শক্তি নাই ৷
আৰিয়া ব্যৱহাৰ কৰি নাটক উজলায় হে’ ৷৷

তেজপুৰত নাতঘৰ হে’ এহি দৰেই হৈলা ৷
জ্যোতি , বিষ্ণু, ফণী শৰ্ম্মাই সৰগ ৰচিলা হে’ ৷৷

আজি কি আনন্দ পেখোঁ বিশ্বৰ ছন্দত ৷
পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হে’ ৷৷

দেশী-বিদেশী যন্ত্র-সঙ্গীত একেলগ কৰিলা ৷
মঞ্চৰ আগত গাঁত খান্দি অৰ্কেষ্ট্রা ৰচিলা হে’ ৷৷

ইটৌ বছৰ সিটো বছৰ সোণালী বছৰ ৷
যুগে যুগে বাচি থাওক বাণ থিয়েটাৰ হে’ ৷৷

পৰীক্ষা নিৰীক্ষা কৰি বিবিধ নাটৰ ৷
দীৰ্ঘজীৱী হওক আমাৰ বাণ থিয়েটাৰ হে’ ৷৷

আজি কি আনন্দ পেখোঁ বিশ্বৰ ছন্দত ৷
পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হে’ ৷৷

নতুম নতুন নাট্যকাৰ নিজে ওলাওক ৷
বিশ্বনাটৰ সভাগৃহত জ্যোতিষ্মান হওক হে’ ৷৷

আজি এহি ৰচনাতে বহুদোষ ৰৈলা ৷
লেখক ভূপেন্দ্রই আজি ক্ষমাহে মাগিলা হে’ ৷৷

(তেজপুৰ: ১ ছেপ্টেম্বৰ, ২০০৫ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: