আকাশ সাবটি
নামিলোঁ সাগৰত
বুকুত কঢ়িয়ালোঁ
আগ্নেয়গিৰি ৷
শব্দৰ বৰষুণে
ধৰিলে হাবটি
কণ্ঠত সুৰৰ
অনন্ত সুহুৰি ৷৷
অন্তহীন তৃষাৰে
ঘূৰিলো ফুৰিলোঁ
খুলি দিলোঁ মোৰ
জীৱন সঁফুৰা ৷
নাজানো কিমাননো
কান্দিলোঁ
হাঁহিলো
সকলো এতিয়া
স্মৃতিৰ নিজৰা
৷৷
প্রেমৰ বন্যাই
মই
ধুৱালোঁ তোমাক
হে’ মোৰ মৰমৰ
বিশ্লেষণ দাতা ৷
আবেলিৰ বেলিত
আহি
দেখিলোঁ তোমাক
তুমি মোৰ
হেঁপাহৰ
জীৱনশ্রোতা ৷৷
(গুৱাহাটী: ১১ মাৰ্চ, ২০০৭ চন )
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment