প্র:পু: অ’ জীৱন ডিঙা
বাই
থাকা
বান্ধ’ হে
(অ’..... আলপ)
অ’ জীৱন ডিঙা
বাই
থাকা
বান্ধ’ হে
(অ’..... আলপ)
পু:স:
গুমগুম গুমগুম (অ’..... আলপ)
মেঘে
গৰজিলে
গুমগুম
গুমগুম (জীৱন ডিঙা..)
ধুমুহা
আহিলে; (বাই
থাকা )
গুমগুম
গুমগুম (বান্ধ’ হে )
মেঘে
গৰজিলে
গুমগুম
গুমগুম
ধুমুহা
আহিলে
প্র:পু: জীৱন ডিঙা
বাই
থাকা
জীৱন
ডিঙা
বাই
থাকা
বান্ধ’ হে
পু:স: গুমগুম গুমগুম
মেঘে
গৰজিলে
গুমগুম
গুমগুম
ধুমুহা
আহিলে ৷
প্র:পু: গভীৰ নদীত কুম্ভীৰ আছে
পু:স: আছে বন্ধু আছে
প্র:পু: গভীৰ নদীত কুম্ভীৰ আছে
পু:স: আছে বন্ধু আছে !
প্র:পু: কুম্ভীৰৰো মৰণ আছে
পু:স: আছে বন্ধু আছে !
প্র:পু: কুম্ভীৰৰো মৰণ আছে
পু:স: আছে বন্ধু আছে ;
প্র:পু: বাহুত তোমাৰ বল আছে
পু:স: হেজাৰ হাতীৰ সাহ আছে
ভয়
সংকোচ এৰা বান্ধ’ হে’ !
হেই
গুমগুম গুমগুম
মেঘে
গজৰিলে
গুমগুম
গুমগুম
ধুমুহা
আহিলে
প্র:পু: জীৱন ডিঙা
বাই
থাকা
জীৱন
ডিঙা
বাই
থাকা
বান্ধ’ হে ;
পু:স: গুমগুম গুমগুম
মেঘে
গৰজিলে
গুমগুম
গুমগুম
ধুমুহা
আহিলে ৷
প্র:পু: এ... কলিজা কঁপোৱা
সৌৱা
চাকনৈয়া
পু:স: তাতে কিনো হ’ল ?
প্র:পু: কলিজা কপোঁৱা
সৌৱা
চাকনৈয়া
পু:স: তাতে কিনো হ’ল ?
প্র:পু: হে মাজ পানীত
নাওঁ ভাগে চোৱা !
পু:স: তাতে হে কিনো হ’ল
প্র:পু: মাজ পানীত
নাও
ভাগে চোৱা
পু:স: তাতে হে কিনো হ’ল ?
প্র:পু: এ বঠা ভাগি পৰে
পু:স: হে হাত কলৈ গ’ল ?
গুমগুম
গুমগুম
মেঘে
গৰজিলে
প্র:পু: হে পাল দেখোঁ চিৰে
পু:স: হে বুকু কলৈ গ’ল ?
গুমগুম
গুমগুম
ধুমুহা
আহিলে ৷
প্র:পু: কান্দোন এৰি হাঁহি থাকা
কান্দোন
এৰি হাঁহি থাকা
বান্ধ’ হে’ ৷
পু:স: গুমগুম গুমগুম
মেঘে
গৰজিলে
গুমগুম
গুমগুম
ধুমুহা
আহিলে ৷
প্র:পু: জীৱন ডিঙা
বাই
থাকা
জীৱন
ডিঙা
বাই
থাকা
বান্ধ’ হে
পু:স: গুমগুম গুমগুম
মেঘে
গৰজিলে !
গুমগুম
গুমগুম
মেঘে
গৰজিলে !
গুমগুম
গুমগুম
মেঘে
গৰজিলে !
গুমগুম
গুমগুম (এ..হে..এ.. আলাপ)
মেঘে
গৰজিলে ৷৷ (অ’ জীৱন ডিঙা
বাই থাকা
বান্ধ’ হে )
(এৰাবাটৰ সুৰ (১৯৫৬) কথাছবিত দিছে)
(হেমন্ত কুমাৰ, ভূপেন হাজৰিকা আৰু আন লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া
No comments:
Post a Comment