অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অঞ্জলি


[Bhupen Hazarika's songs and Lyrics:- Anjali]


অঞ্জলি.....
(আ .. আলাপ)

অঞ্জলি ..
নিজকে বিলাই
পাবা নে..
আনৰ মুখৰ হাঁহি..
অঞ্জলি ..নিজকে বিলাই
পাবা নে..
আনৰ মুখৰ হাঁহি..
অঞ্জলি ! ..

যি বিচাৰি পালা...
সি যে নৰল আৰু....
পাই হেৰুৱাৰ বেঠা...
কোনে বুজিব বাৰু...
নিৰৱে... চকুলো বোৱাই...
নিৰৱে.. চকুলো বোৱাই..
যাৰ কথা ভাৱি ভাৱি !
অঞ্জলি.. নিজকে বিলাই.. পাবা নে..
আনৰ মুখৰ হাঁহি
অঞ্জলি ! ..

জীৱনে বাৰে বাৰে....
কৰে তোমাক চলনা...
হৃদয়ে বাৰে বাৰে...
পায় মাথো নিৰাশা..
স্মৃতিয়ে.. কাহিনী সজায়
স্মৃতিয়ে কাহিনী সজায়
যাৰ প্রীতি ভাৱি ভাৱি..
অঞ্জলি.. নিজকে বিলাই পাবা নে...
আনৰ মুখৰ হাঁহি...
অঞ্জলি... নিজকে বিলাই পাবা নে...
আনৰ মুখৰ হাঁহি...
অঞ্জলি  ..!
অঞ্জলি ...!
অঞ্জলি .. !


(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীতটি)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া

No comments: