অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অ’ মোৰ ভৈয়াই


মোৰ ভৈয়াই  
মোৰ ভনীটি
পুৰণি অসমৰ আকাশখনিত
গৌৰৱৰ পোহৰ ঐ ৰমকে জমকে
সোণালী সৰু-বৰ তৰা জিলিকে
লাৱনি মিচিকি হাঁহিতি চমকে
হায় হায় হায় হায় আজি নাই ৷

          সিখন আকাশত কলীয়া ডাৱৰে
          চাৰিওফালকে আৱৰি ধৰিলে
          পোহৰৰ জিলিকনি নোহোৱা কৰিলে
          হায় হায় হায় হায় আজি নাই ৷

পুৰণি মূলাৰে শাহ নাইকীয়া
ৰাধিকা হয়াৰে ধৰম বিনন্দীয়া
নোহোৱা কৰিলে কিহে ?
শৰাইঘাটতে শতৰুক খেদিলে
লাচিতৰ হেংদাং পিছলি পৰিলে
ধৰোঁতা নৰলে কোনো মোৰ ভৈয়াই ঐ
ধৰোতাঁ নৰলে কোনো ৷

(গুৱাহাটী: ১৯৪৬ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া

No comments: