অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অ’ মোৰ জীৱনৰ প্রিয় লগৰি


মোৰ জীৱনৰ প্রিয় লগৰি
কওঁ তোমাক আজি কথা এষাৰি ৷
অতীতৰ পৰাজয় পাহৰি পেলাবা
পিচলৈ টানিলে ঘুৰি নেচাবা ৷
নিৰাশাৰ কলা মেঘ খন্তেকীয়া
আমাৰ আশা চিৰ দিনীয়া ৷
যৌৱন সেউজ ৰং পাহৰি নেযাবা
শুভ আঁচনি লৈ আগ বাঢ়িবা ৷
আমাৰ প্রেম সৃষ্টিময়
ইঙ্গিত চোৱাঁ সৌ জ্যোতিৰ্ম্ময় ৷
দূৰত্ব দেখি তুলি ভয় নেখাবা
মোক কাষতে লৈ আগবাঢ়িবা ৷

(কলকাতা : ৫ চেপ্টেম্বৰ, ১৯৯৩ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া

No comments: