অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

হে চ’তৰে বিহু গীত



হে চতৰে..

বিহুৰে গী.

এইবেলি কি বান্ধৈ এইবেলি কি ?

হে চতৰে..

বিহুৰে গীত

এইবেলি কি বান্ধৈ এইবেলি কি ?



ঢোলৰে পেঁপাৰে সুৰ .. বা..ন্ধৈ

এইবেলি কি বোলো এইবেলি কি ?



ৰঙশিঙা খঙশিঙা কৰি একেলগ !

ৰঙশিঙা খঙশিঙা কৰি একেলগ !

উতলাই তোলমোল কপৌ কৰিবি চঙ

নকবি বোলো নকবি ৷



তৰে বিহুৰে নাচ

.. বোলো নাচনী !

নাচিবি তই কি ?

বিহুৰে হুচৰি

.. বোলো বিহুৱা !

গাবি তই কি ?



চোতালত গজে বন

ৰ থিয় দি... !

চোতালত গজে বন

ৰ থিয় দি.. !

বোলো নাচনী !

নাচিবি তই কি ?



সেন্দুৰি বাটৰ বাধা ধূলি পৰি যা !

দেউধনী তোল আজি বৰতীয়া গা !

সেন্দুৰি বাটৰ বাধা ধূলি পৰি যা !

দেউধনী তোল আজি বৰতীয়া গা !

লুইতহে ৰোধে কোনে বালি ভেটা দি !

হে লুইতহে ৰোধে কোনে বালি ভেটা দি !

তৰে..

বিহুৰে গীত

এইবেলি কি বান্ধৈ এইবেলি কি ?

হে চতৰে..

বিহুৰে গীত

এইবেলি কি বান্ধৈ এইবেলি ...কি ৷৷


(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: