অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

হে' মোৰ অসমৰ শ্রোতা


হে' মোৰ অসমৰ শ্রোতা জনতা
কিমতেনো বুজাম আমি,
(আজি) বিহাৰ ৰাজ্যৰ কোটি কোটি লোকে
দেখিছে এক শ্মশানভূমি ৷
কোনোবা নিষ্ঠুৰ দৈত্যই যেন
প্রখৰ ৰদৰ উত্তাপ সানি
চোট-নাগপুৰৰ মালভূমিৰ
ভস্ম কৰিলে শত ধাননি ৷                  

ওঠৰশ ছয়সত্তৰৰ মন্বন্তৰ
আতঙ্ক যেন পুনৰ আহিলে
হাজাৰিবাগৰ হেজাৰ বাগত
(কিহে) সেউজ কঠীয়া দহিলে ৷

যেনিয়ে চকয় যায় হিয়া দহি যায়
পালামৌৰ আকাশত মেঘ নাই
হেজাৰ মুমূৰ্ষু শিশুৰ বাবে
অসহায়া মাতৃয়ে অশ্রু পেলায় ৷

ৰহিমে কান্দে: আল্লা মেঘ দিয়াঁ
ৰসিয়াই কান্দে: প্রভু পানী দিয়াঁ
শুকান ধৰিত্রীয়ে বুকু ফালি কয়
মোৰ বক্ষতে চিৰশান্তি লোভাঁ ৷

নালন্দা নিমাত, নিমাত আকাশ,
পাটলিপুত্রৰ ঐতিহ্য উদাস
মঙ্গেৰতো মঙ্গলধ্বনি নাই
চাপ্রা আৰাৰ লোক হতাশ ৷

তাহানিৰ বুদ্ধই বিহাৰ কৰা
শস্যাশ্যামলা বিহাৰভূমি
ল ক্ষুধা তৃষ্ণাত মৃত্যুমুখী
এক নিৰস নিজান মৰুভূমি ৷

হয়তো আজি ৰাঁচীৰ সাধু শুনি
সত্য বুলি কেৱে নলয় মানি
দুটি ভাতৰ অভাৱত গৃহস্থই ৰান্ধে
পোহনীয়া কুকুৰৰ মাংস আনি ৷

অনুকম্পা নহয় , পুতৌ নহয়
ই নহয় ৰঙীন প্রদৰ্শনী
ই কৰ্ত্তব্যজ্ঞান প্রণোদিত
উচ্চাৰিত মানৱধ্বনি ৷

বিদ্যাপতিৰ মিথিলা নগৰীৰ
মৈথিলী সুৰ যেন স্তব্ধ হয় ,
আজি ভোজপুৰী পথাৰত গাঁৱৰ গৰখীয়াই
বিৰহা চৈতিৰ গীত নেগায় ৷

(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: