ভূ:হা: হে দেউতাৰ
বৰেঘৰ
দেখোঁতে ভয়ংকৰ
ওপৰে মাঁৰলি ৰোৱা
সকলোৱে: ঐ ওপৰে মাঁৰলি ৰোৱা!
ভূ:হা: দুখনি
চালতে ..
ৰোৱা তিনিকুৰি
এ চৈধ্য পুৰুষৰে পৰা ৷
ভূ:হা: এ দেউতা
ঈশ্বৰ ঐ
সকলোৱে: নামত ধৰিব
ভূ:হা: দায় দেউতা ঈশ্বৰ ঐ
সকলোৱে: পদত ধৰিব
ভূ:হা: দায় দেউতা ঈশ্বৰ ঐ
সকলোৱে: আমাৰ চেঙেলীয়া
ভূ:হা: মন এ দেউতা ঈশ্বৰ ঐ
সকলোৱে: আমাৰ চেঙেলীয়া
আমাৰ চেঙেলীয়া মন ;
এ হে দেউতা ঈশ্বৰ ঐ
নামত ধৰিব
দায় দেউতা ঈশ্বৰ ঐ
পদত ধৰিব
দায় দেউতা ঈশ্বৰ ঐ
আমাৰ চেঙেলীয়া
আমাৰ চেঙেলীয়া মন ৷
ভূ:হা: এ দেউতা
ঈশ্বৰ ঐ
সকলোৱে: চ’তৰ চিগা ন’ৰা
ভূ:হা: এ দেউতা
ঈশ্বৰ ঐ
সকলোৱে: উৰাই গৈ পৰিছে
ভূ:হা: দায় দেউতা
ঈশ্বৰ ঐ
সকলোৱে: বাউলি বতাহে
ভূ:হা: মন এ
দেউতা ঈশ্বৰ ঐ
সকলোৱে: বাউলি বতাহে
বাউলি বতাহে পায় ৷
এ দেউতা ঈশ্বৰ ঐ
আমাকো হে কৰে
এ দেউতা ঈশ্বৰ ঐ
ঘূৰাই লৈ পুৰিছে
আকৌ দেউতা ঈশ্বৰ ঐ
বহাগৰ বিহুৱে
বহাগৰ বিহুৱে পায় ৷
ভূ:হা: এ দেউতা
ঈশ্বৰ ঐ
সকলোৱে: বিহুৱতী চৰায়ে
ভূ:হা: গায় এ
দেউতা ঈশ্বৰ ঐ
সকলোৱে: কৰে বিহু বিহু
ভূ:হা: গায় এ
দেউতা ঈশ্বৰ ঐ
সকলোৱে: আমাৰ বিহু কাপোৰ
ভূ:হা: মন এ
দেউতা ঈশ্বৰ ঐ
সকলোৱে: আমাৰ বিহু কাপোৰ
আমাৰ বিহু কাপোৰ নাই ;
এ দেউতা ঈশ্বৰ ঐ
লগৰ সমনীয়াই
এ হে দেউতা ঈশ্বৰ ঐ
পূবে ভেদি
আকৌ দেউতা ঈশ্বৰ ঐ
সৰুতে মৰিলে
আয়ে দেউতা ঈশ্বৰ ঐ
সৰুতে মৰিলে
সৰুতে মৰিলে আই ,
সৰুতে মৰিলে
সৰুতে মৰিলে আই ;
সৰুতে মৰিলে
সৰুতে মৰিলে আই ৷৷
(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে
নিগৰিত গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
2 comments:
বহুত ভাল লাগে শুনি এই বিহু ফাকি....🤍🤗
Edit option আছে নে নাই বিচাৰি চোৱা নাই, বহুত বানান ভুল হৈ আছে, অনুগ্ৰহ কৰি শুদ্ধ্ কৰি দিব দেই🙏
Post a Comment