ভূ:হা: এটি
মনৰ দুটি মানুহ
মৰমী সৰগ ৰচে
নাৰী: এটি
মনৰ দুটি মানুহ
মৰমী সৰগ ৰচে !
সৰগী মৰতত
এই প্রিয়জনে
আৱেগৰ নাচোন নাচে
মৰমী সৰগ ৰচে
এটি মনৰ দুটি মানুহ
মৰমী সৰগ ৰচে !
ভূ:হা: তেনেকে
নেচাবা
বুকু দহি যায়
নাৰী: মৰমৰ
ৰিহাখন
লাজতে খহি যায় ৷
ভূ:হা: অ’ তেনেকে নেচাবা
বুকু দহি যায়
নাৰী: মৰমৰ
ৰিহাখন
লাজতে
খহি যায়
তপত উশাহে
জীৱন এই বেলাতে
ৰঙেৰে
সজোন কাচেৰে
মৰমী সৰগ ৰচে
এটি মনৰ দুটি মানুহ
মৰমী সৰগ ৰচে !
ভূ:হা: প্রিয়জন
প্রিয়জন
অতিকে আপোন
নাৰী: চিৰদিন
কাষতে
থাকিম প্রিয়জন
ভূ:হা: প্রিয়জন
প্রিয়জন
অতিকে আপোন
নাৰী: অ’ চিৰদিন কাষতে
থাকিম প্রিয়জন
সপোনে দিঠকে
আমাৰে জীৱনে
সেন্দুৰী আলিটিৰ মাজেৰে
মৰমী সৰগ ৰচে
দুয়ো : এটি
মনৰ দুটি মানুহ
মৰমী সৰগ ৰচে !৷
(কথাছবি:
প্রিয়জন, ১৯৯৩)
(ভূপেন হাজৰিকা আৰু
অনুৰাধা পাড়োৱালৰ সুৱদী কণ্ঠেৰে নিগৰিত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment