অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

এক বিন্দু দুই বিন্দু


এক বিন্দু..
দুই বিন্দু..
জীৱনৰ অমৃত পানী...
হেজাৰ বিন্দু .. !
লক্ষ কৌটি বিন্দু !
পানী মাথো পানী !

উত্তৰে পানী..
দক্ষিনে পানী..
পূবে পানী ...
পশ্চিমে পানী..
উত্তৰে পানী
দক্ষিনে পানী
পূবে পানী ..
পশ্চিমে পানী
ই নিষ্ঠুৰ মৃত্যুৰ
ধেই ধেই তাণ্ডৱ
ভয়াল জয়াল বানপানী  !
ভয়াল জয়াল বানপানী
উত্তৰে পানী
দক্ষিনে পানী
পূবে পানী ..
পশ্চিমে পানী
ই নিষ্ঠুৰ মৃত্যুৰ
ধেই ধেই তাণ্ডৱ
ভয়াল জয়াল বানপানী  !
ভয়াল জয়াল বানপানী

ই পানী নহয়
আনন্দৰ..
ভয়াহ পানী
আতঙ্কৰ..
এই পানী শীতল নহয়..
 এই পানীয়ে মাথোঁ দহে..
এই পানী নহয়
পৱিত্র
এই পানীয়ে
আশা দহে
ই আশা দহে !
ই প্রাণ দহে !
যৌৱন দহে !
জীৱন দহে !
ই কি বীভৎস পানী !
ই কি বীভৎস পানী..
উত্তৰে পানী
দক্ষিনে পানী
পূবে পানী ..
পশ্চিমে পানী
ই নিষ্ঠুৰ মৃত্যুৰ
ধেই ধেই তাণ্ডৱ
ভয়াল জয়াল বানপানী  !
ভয়াল জয়াল বানপানী

এই পানীয়ে
প্রাণ দহে
এই পানীৰ
খঙাল কোবত
আকাংক্ষাৰ ওখ ওখ
গৰা খহে
গৰা খহে ...!
উত্তৰে পানী !
দক্ষিনে পানী !
পূবে পানী  !
পশ্চিমে পানী  !
ভয়াল জয়াল বানপানী  !
ই  ভয়াল জয়াল বানপানী
উত্তৰে পানী
দক্ষিনে পানী
পূবে পানী ..
পশ্চিমে পানী
ই নিষ্ঠুৰ মৃত্যুৰ
ধেই ধেই তাণ্ডৱ
ভয়াল জয়াল বানপানী  !
ভয়াল জয়াল বানপানী

 ( চেৰাপুঞ্জী: ২৫ মে, ১৯৯০ চন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: