অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

এই মহিলা মহিলা ক’লৈনো আহিলাঁ


এই মহিলা মহিলা কলৈনো আহিলাঁ
গচকত মাৰিলা বন
মহিলা মহিলা কি যে ভুল ৰিলাঁ
পুৰুষৰ নুবুজা মন ৷

গল চাই গহনা
গাটো চাইয়ে চোলা...
মূৰ চাই সেওঁতা ফালাঁ.. !
পিচে মূৰৰে ভিতৰত যিকণি মগজু
তাৰে উমান জানো পালাঁ
মূৰৰে ভিতৰত যিকণি মগজু
তাৰে উমান জানো পালাঁ ৷

এ....
লাও বাই পোহাৰী
জিকা বাই পোহাৰী
জিকাৰে মূৰৰে ফুল
তোমাৰে তুলনাত ..
পোহাৰীও সন্দৰী
নিবিচাৰোঁ জাতি-কুল ;

এ...
কিমাননো পানীৰে
মাছ তুমি মোহিলা
বাৰুকৈয়ে জনা আছে !
মাখিৰ মূ-ৰে কাটি.. !
জয়ঢোল বজালে
পুৰুষে যে নেনাচে !

এ.. বতাহী ৰথেৰে
বেগেৰে নেযাবা
বাটত ধূলি পৰি ৰ
হেজাৰ হওক মহিলা
পাহৰি নেযাবা
মহিলা পুৰুষৰ তল
হাতীৰে দাঁতকে
চিকুটি ছিঙিব
খুজিলেই !
জানো পাৰি..!
(পিছে)পুৰুষ জাতিটো
পৃথিৱীত নহলে
মহিলা থাকিব পাৰে
পুৰুষ জাতিটো
পৃথিৱীত নহলে
মহিলা থাকিব পাৰে ,
পুৰুষ জাতিটো
পৃথিৱীত নহলে
মহিলা থাকিব পাৰে ,
পুৰুষ জাতিটো
পৃথিৱীত নহলে
মহিলা থাকিব পাৰে  ৷৷

(কথাছবি: নিয়তি,১৯৭৬ চন)
(জয়ন্ত হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: