অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

এই চকু সেই চকু


এই চকু সেই চকু

সভ্য চকু অসভ্যৰ চকু

তোমাৰ চকুৰ

দুগ্ধ ফেননিভ

সুনামী সমুদ্রত

দিশহাৰা মই

এক সাঁতোৰ শিকাৰু

এই চকু সেই চকু

অসভ্যৰ চকু সভ্য চকু




(ভূপেন হাজৰিকাদেৱে লিখা শেষ কবিতা)
(২৬/৫/২০০৬, জি এন আৰ চি, গুৱাহাটী)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: