অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

তুমি বিয়াৰ নিশাৰ


তুমি বিয়াৰ... 
নিশাৰ.. 
শয়ন... 
পাটী..
এপাহি ৰজনীগন্ধা !
তোমাৰ মূল্য.. এনিশাৰ ..
পিছৰ.. দিনা...
সূৰুয উঠাৰ..
পিছৰ দিনা...
সূৰুয উঠাৰ.. !
পিছৰ বাহী শয্যাত !
তুমি মূল্য বিহীন ভাৰ .. !
তুমি বিয়াৰ  নিশাৰ শয়ন পাটী
এপাহি ৰজনীগন্ধা !
তোমাৰ মূল্য এনিশাৰ ..

তুমি ফুলিছিলা আশাৰে বহুত !
আঁচনিকে লৈ !
তুমি ফুলিছিলা আশাৰে বহুত !
আঁচনিকে লৈ !
গন্ধবিহীন কোঠাতে তুমি
সুৰভি বিলাবলৈ .. !
মালীয়ে তোমাক ছিঙাৰ পিছত
কিয় কৰা হাহাকাৰ !
তুমি বিয়াৰ  নিশাৰ শয়ন পাটীৰ
এপাহি ৰজনীগন্ধা !
তোমাৰ মূল্য এনিশাৰ ..

ফুলশয্যা পাতগাভৰুৱে
তোমাৰেই সজালে
ফুলশয্যা পাতগাভৰুৱে
তোমাৰেই সজালে
কইনা দৰাই  ত আলফুলে
তোমাকেই পৰশিলে ..
পিছে পুৱাতে তোমাক
সাৰি পুচি দেখোঁ
নিবিচাৰে এটি বাৰ .. !
তুমি বিয়াৰ  নিশাৰ শয়ন পাটীৰ
এপাহি ৰজনীগন্ধা !
তোমাৰ মূল্য এনিশাৰ .. 
পিছৰ দিনা..
সূৰুয উঠাৰ..
পিছৰ দিনা
সূৰুয উঠাৰ..
পিছৰ বাহী শয্যাত !
তুমি মূল্য বিহীন ভাৰ .. !
তুমি বিয়াৰ..  নিশাৰ..
শয়ন পাটীৰ
এপাহি ৰজনীগন্ধা !
তোমাৰ মূল্য এনিশাৰ ...
পিছৰ দিনা...
সূৰু...য উঠাৰ
পিছৰ বাহী শয্যাত !
তুমি মূল্য বিহীন ভাৰ .. ..!
তুমি বিয়াৰ  নিশাৰ শয়ন পাটীৰ
এপাহি ৰজনীগন্ধা !
তোমাৰ মূল্য এনিশাৰ ... ৷৷

 (কলকাতা, ০১/০৮/১৯৭৮)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: