অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

তুমি নতুন পুৰুষ


তুমি নতুন পুৰুষ
তুমি নতুন নাৰী
অনাগত দিনৰ জাগ্ৰত প্রহৰী !
কেঁচা জীৱন সোঁতক
দ্বিগুণ কৰি
সজাবা সমাজ নিজ হাতেৰে গঢ়ি !
এন্ধাৰ গলিত আলোক বৰষাৰ
ঢালিবা তুমি উজ্জ্বল বাৰি
তুমি নতুন পুৰুষ
তুমি নতুন নাৰী
অনাগত দিনৰ জাগ্ৰত প্রহৰী !

মৃত্যুঞ্জয়ী তুমি কৰিবা দমন
শোষকৰ দংশন নোহে চিৰন্তন !
মৃত্যুঞ্জয়ী তুমি কৰিবা দমন
শোষকৰ দংশন নোহে চিৰন্তন

সঙ্কল্প তোমাৰ বই সফল !
সঙ্কল্প তোমাৰ বই সফল !
দুৰ্ব্বাৰ সাহসৰ পথ উজ্জ্বল
তুমি নতুন পুৰুষ
তুমি নতুন নাৰী
অনাগত দিনৰ জাগ্ৰত প্রহৰী !

তুমি নৱ সপোন
নৱ অঙ্গীকাৰ !
তুমি নৱ সংগ্রাম !
শত শত ঝন্ ঝা !
বিপদ প্রস্তৰ
বিচূৰ্ণ কৰি
সজাবা নতুন পথ হাতেৰে গঢ়ি !
জাবা তুমি আশাৰ গগনা
নোপোৱাৰ  হাহাকাৰ নোহোৱা কৰি
তুমি নতুন পুৰুষ
তুমি নতুন নাৰী
অনাগত দিনৰ জাগ্ৰত প্রহৰী !
তুমি নতুন পুৰুষ !
তুমি নতুন নাৰী !
অনাগত দিনৰ জাগ্ৰত প্রহৰী !

(কলকাতা,১৯৭০)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: