পীৰিতি নামৰে
তিনিটি আখৰে
কোনে কাটি গ’লে শিলত
নজহে নপমে মৰিচা
নপৰে
জিলিকে বুকুৱা
বিলত ৷
লুইতৰ বালি
তিয়াব নোৱাৰি
নিজৰাই নিতিয়ায়
মানে
ভুটীয়া চাঙৰে
ধুনীয়া গাভৰু
মনত পৰে ঘনে ঘনে
৷
ক’মগৈ কোনটো কালত
কোনে কাটি গ’লে শিলত ৷
আবেলি বেলিকা
বানে বৰষুণে
সাতো সাগৰৰে
ৰেৱা
আৰু কি নোভাৰোঁ
ক’বকে নোৱাৰোঁ
দিলোঁ ফুল সাগৰৰ
সেৱা
পৰিলোঁ ফুলৰে
জালত
কোনে কাটি গ’লে শিলত ৷
মনত যে এজোপা
শুকান শিমলু
আকাশলে’ আছোঁ চাই
বুকুৰে কোমলকৈ
কমোৱা তুলাবোৰ
ক’ৰবালৈ উৰি গুচি যায়
হাঁহি নাই উৰুঙা
মনত ৷
কোনে কাটি গ’লে শিলত ৷
নৰায়ো কান্দিলে
তৰায়ো কান্দিলে
নদীয়ে এৰিলে কূল
পাহাৰে ভৈয়ামে
কিহৰ ৰোল উঠিছে
মিলনৰ নুবুজে
মোল ৷
বা নাই এতিয়া
বতাহ নাইকীয়া
ফুলনি খনে-খনায়
ফুল বুলি মাথোঁ
ভুল বুটলিলোঁ
পাহি সৰি সৰি
জায় ৷
কুলিয়ে নেমাতে
ডালত
কোনে কাটি গ’লে শিলত ৷
ৰৈনো ৰৈ বিনালে
পাহাৰে জিলী
এৰাগছে পৰি পৰি
কাহানি হুৰামে
ভুলকে শুধৰাই
ছিগি যোৱা
এনাজৰী
চিঞৰে কাটি গ’লে শিলত ৷
(ভূপেন
হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত
শইকীয়া)
No comments:
Post a Comment