কথা: মুখেন মাৰিতং জগত নীতিৰে
ৰাজ্য চলাব
নোৱাৰি
ৰাইজ আৰু ৰজাই
মিলি কাম কৰিলেহে
দেশখন বচাব পাৰি
৷
গীত: পেহী অ’ পেহা
এইফালে আহাঁ
ৰংমন ওচমান
ওচৰতে বহাঁ ,
সেৱাৰ গামোচা
কান্ধতে লওঁ
এমুঠি চাউলৰ
কাহিনীকে কওঁ !
স্বাধীনতা
ৰাজনীতি সকলো দেখিবা, অন্নমুঠিৰহে তল
চাউলৰ অমৃত ৰাইজ
নেপালে সৰ্ব্বনীতি হলাহল
(আজি) অমৃত ৰেচনত চাউলৰ কত হাহাকাৰ
মুকলি বজাৰতহে
পায়
মুকলি বজাৰত জুই
– ছাই দাম, ধনীয়েহে চাৰিবেলা খায়
তুমি ৰোৱা ধান
ঘাম পেলাই, পাব লাগে দাম,
শ্রমৰ জোখাই
তোমাক শোষন
যিজনে কৰে, নৰকতো নেপায়
সেই জনে ঠাই ৷
দুখীয়া খেতিয়কে
কৰিব বা কি !
য’তে ধন তাতে ধান বেচিছিলে
চোৰাং ৰাক্ষকে
বহু লাভ লৈ
কোনোবা মুলুক
পোৱাইছিলে ৷
পেহী অ’ পেহা
আমলখি কেহা
মুখা পিন্ধা
চোৰবোৰে
কৰে আজি বেহা ৷৷
চাউল নাই
ধান নাই
ক’লৈ গ’ল পেহা ?
ভাগি যায় দেহা
!!
(সেয়ে) তোমাৰ চৰকাৰে ধানৰ ব্যৱসায়
নিজৰ হাতলে’ আনিছে
(যাতে) খেতিয়কে ধানৰ উচিত দাম পায়
এই কথা আহি
চিন্তিছে ৷
চৰকাৰে ব্যৱসায়
লোৱাৰ অৰ্থ, ৰাইজৰ মুঠিতে ব্যৱসায়
(এই) চৰকাৰখন দেখোঁ তুমিয়েই পাতিছিলাঁ
নতুন নীতিৰে গুণ
গাই ,
চহৰে নগৰে গাঁৱে
তোমাৰেই সমবায়ে
সেই ধান বিতৰণ
কৰিব ;
সুলভ মূল্যত
সকলোৱে যাতে দুবেলা দুমুঠি পাৰে খাব ৷
পুৰণি নীতি
নিষ্ঠুৰ নীতি
কৃষকৰ মন:পুত
নাছিল সেয়ে ,
দুখীয়াই ভোকতে, কেঁচা ধান বেচিলেও
দামৰ নিৰিখ পায়
বেয়া !!
শতকৰা চাৰে বাৰ, কম টকা দিছিলে
যদি বেচা আঘোণ
মাহত ৷
চাৰে সাত টকা কম, দিছিলে যদি ধান
বেচা তুমি পুহৰ
শীতত ৷
শতকৰা পাঁচ টকা
কম দিছিলে
যদি বেচা ধান
মাঘৰ মাহত ,
আঢ়ৈ টকা কম দান
দিছিলে
যদি বেচা ফাগুন
মাহত ;
আগৰ এই নীতিবোৰ
অসুন্দৰ নীতি
কেঁচা ধানৰ
নিদিছিল মূল্য ৷
(আজি) কেঁচা ধান বেচিলেও দাম পাবা পেহাদেউ
শুকান ধানৰে
তুল্য ৷
সংগ্রহ নহ’লে ধান বিতৰণ
কোনেনো কৰিব
বাৰু পাৰে ?
দেশৰ খেতিয়কে
ধাব নেবেছিলে
সমবায় কেনেকে’ তৰে !!
ৰাইজৰ আশাৰে
সমবায় পাতিছে
সমবায় বচোৱাহে
কথা
শুদ্ধনীতিৰে
ৰাইজৰে বেথা ৷
আগৰ নীতিমতে ধানৰ দাম পাবলে’ খেতিয়কে বহুদিন ৰয়
আজিৰ নীতিমতে
নগদ মূল্য ততালিকে হাতে হাতে লয়
ভিন্ ভিন্
অঞ্চলতে প্রয়োজন অনুসৰি
সেয়া চাউল মজুত
ৰাখিব
তেতিয়াহে সেই
অঞ্চলসমূহত
ধানৰ নাটনি দূৰ
হ’ব ৷
মন যদি ক’ৰা, কথা এটি কওঁ
আৰু এটা বেয়া
নীতি চলি আছিল
সংগ্রহ কৰা ধান
কলত খুন্দি
চাউলহে বিতৰণ
কৰিছিল ৷
(পিচে) নতুন নীতি মতে, ধান লাগে য’ত
তাত মাথোঁ ধান
দিয়া হ’ব
(আৰু) যি যি অঞ্চলত চাউল লাগে
চাউলহে যোগান
ধৰিব ৷
চৰকাৰে জদিও
ধানৰ পাইকাৰী, ব্যৱসায় হাতলৈ নিলে
তথাপি ক্ষুদ্র
ধান-বেপাৰীৰ বাবে কিছু কিছু স্বাধীনতা থ’লে ,
তেওঁলোকে
বেচা-কিনা কৰিব
সীমা হ’ল : আঢ়ৈ কুইণ্টল
কিছু কিছু
অঞ্চলত বেহা কৰি তৰিব
বাধা বা বিঘিনি
নৰ’ল ৷
পুৰণি নিয়মমতে
খাদ্য নিগমে ব্যক্তিক দিছিলে অধিকাৰ
ধানৰ সংগ্রহ
ব্যক্তিয়ে কৰিছিলে , ব্যক্তিৰ মহিমা অপাৰ
(পিচে) নতুন নীতি মতে, ধানৰ সংগ্রহ
মাথোঁ সমবায়েহে
কৰিব
তেতিয়াহে ৰাইজৰ
শ্রমৰ মূল্য
ৰাইজৰ হাততে
থাকিব ৷
এই নতুন নীতি
যদি অসফল হয়
লাই পাব শত
পুঁজিপতিয়ে ,
পুনৰ ৰাইজক
থিতাতে গিলিব
সিহঁতৰ শোষন
নীতিয়ে ৷
ৰাইজৰ সেৱাৰ এই
নতুন নীতিক ধানচোৰে কৰে উপহাস
ধানচোৰ বাহিনীক ধ্বংস
নকৰিলে ৰাইজে কৰিব উপবাস ,
মুখেন মাৰিতং
জগত নীতিৰে
ৰাজ্য চলাব
নোভাৰি
ৰাইজ- ৰজাই মিলি
কাম কৰিলেহে
দেশখন বচাব পাৰি
৷
বিপ্লৱ চিঞৰি
কৰিব পাৰি ...
(পিচে) নীৰৱেও বিপ্লৱ হয়হ্ল
খেতিয়ক ৰাইজ মোৰ
, ভাবি চোৱাঁ কথাটো
গায়ক ভূপেন্দ্রই
কয় ৷
(মোম্বাই : ৬ নবেম্বৰ, ১৯৭৩ চন)
(ভূপেন
হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment