অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

ৰমজানৰে ৰোজা গ’ল


ম:ৰ:    ৰমজানৰে ৰোজা গলওলাল ঈদৰ জোন
চেনেহৰে মেহফিলতে বহে আজি কোন কোন ?
বহে আজি কোন কোন ?
না:স:   চেনেহৰে মেহফিলতে বহে আজি কোন কোন ?
বহে আজি কোন কোন ?

ম:ৰ:    আজি ঈদ মজলিছতে
একেলগে বহিছে
না:স:   একেলগে বহিছে
ভূ:হা:  আজি ঈদ মজলিছতে
ৰহিম চাচাও বহিছে
না:স:   একেলগে বহিছে
ম:ৰ:    আজি ঈদ মজলিছতে
শ্রীৰাম কুমাৰো বহিছে
না:স:   একেলগে বহিছে
নাৰী:    আজি ঈদ মজলিছতে
ফাতেমা পেহী বহিছে
সমস্বৰে:একেলগে বহিছে
নাৰী:    আজি ঈদ মজলিছতে
ফাতেমা পেহী বহিছে
না:স:   একেলগে বহিছে
নাৰী:    আজি ঈদ মজলিছতে
তৈয়ৰ মোমাইটি বহিছে
না:স:   একেলগে বহিছে
ম:ৰ:    আজি ঈদ মজলিছতে
জেকব খুড়াও বহিছে
না:স:   একেলগে বহিছে
ভূ:হা:  ইনচানিয়ত লৈ মেহফিলত আমিও বহোঁচোন
ম:ৰ:    ইনচানিয়ত লৈ মেহফিলত আমিও বহোঁচোন
আমিও বহোঁচোন ৷

ম:ৰ:    আমাৰ গাঁৱৰ আতাজানে পুৰণি কথা জানে
না:স:   পুৰণি কথা জানে
            পুৰণি কথা জানে
ম:ৰ:    পুৰণি কথা জানে
            পুৰণি কথা জানে
            পুৰণি কথা জানে
            পুৰণি কথা জানে
না:স:   পুৰণি কথা জানে
ম:ৰ:    চমৰখন্দ বোখাৰাৰ ওমৰ খৈয়ামক জানে
ভূ:হা:  শ্বাহেনশ্বাহ আকবৰৰ উদাৰতাও জানে
ম:ৰ:    মোগল ৰাজপুত মিলি ছবি অঁকাৰ কিচ্চা জানে
নাৰী:    টিপু চিৰাজদৌল্লাৰ আজাদীৰ লড়াই জানে
না:স:   পুৰণি কথা জানে
ম:ৰ:    আ........(আলাপ)
গানধীজীৰ.. বুকু ভদা... গুলীৰ.. কথাও.. জানে...
গুলীৰ কথাও জানে
পু:স:   গুলীৰ কথাও জানে
ভূ:হা:  দুনিয়াৰ নাতি জৱাহৰ চাচাকো জানে
না:স:   পুৰণি কথা জানে
            পুৰণি কথা জানে
ম:ৰ:    আজি ভাৰততে মুহব্বতৰ আমি সিঁচোঁ সোণ
আমি সিঁচোঁ সোণ

ম:ৰ:    আজি কিয় অসমীৰে কথা মনত পৰিছে
না:স:   কথা মনত পৰিছে
            কথা মনত পৰিছে
ম:ৰ:    আমাৰ হাজোত মক্কাৰ দৰে পোৱামক্কাও সাজিছে
না:স:   কথা মনত পৰিছে
ভূ:হা:  কাষতে মাধৱৰে মন্দিৰো বিৰাজ কৰিছে
না:স:   কথা মনত পৰিছে
ম:ৰ:    ৰাম ৰহিমে ঘাম মচি এটা জাতি গঢ়িছে
না:স:   কথা মনত পৰিছে
ভূ:হা:  শঙ্কৰে ইছলামকো সন্মান যাচিছে
না:স:   কথা মনত পৰিছে
নাৰী:    আজানে জিকিৰ ৰচি ভাষা চহকী কৰিছে
না:স:   কথা মনত পৰিছে
নাৰী:    ভকতক ফকীৰে চালাম গীতেৰে জনাইছে
না:স:   কথা মনত পৰিছে
ভূ:হা:  দিলোৱাৰ দোসায়ে শ্রীহস্তী পুথি আঁকিছে
না:স:   কথা মনত পৰিছে
ম:ৰ:    লক্ষ্মীধৰে চিৰাজ কাকাৰ গুণ বখানিছে
না:স:   কথা মনত পৰিছে
ভূ:হা:  জ্ঞান বিলাই নফিজেও জ্ঞানমালিনী ৰচিছে
না:স:   কথা মনত পৰিছে
ম:ৰ:    কোৰান গীতাই ইনচানকে ইনচান হব কৈছে
না:স:   কথা মনত পৰিছে
নাৰী:    ফৰমুদ আলি.. বাউল হৈ... মুক্তি.. গীত ৰচিছে...
না:স:   কথা মনত পৰিছে
            কথা মনত পৰিছে
ম:ৰ:    আ........(আলাপ)
            বাহাদুৰ গাঁওবুঢ়াই ...!  জান দি..... ! মণিৰামক সেৱিছে...
এই বেহতৰিণ দোস্তি ভাঙে সেই দুচমন কোন ?
সেই দুচমন কোন ?
এই বেহতৰিণ দোস্তি ভাঙে সেই দুচমন কোন ?
সেই দুচমন কোন ?                                         

ম:ৰ:    মজলিছৰে ডেকা-বুঢ়াই কাৰ কাৱালী শুনিছে
না:স:   কাৰ কাৱালী শুনিছে
ভূ:হা:  এই কাৱালে মেহফিলকে সুকুৰ আদা কৰিছে
সমস্বৰে:কাৰ কাৱালী শুনিছে
ম:ৰ:    আ........(আলাপ)
ভূপেন্দ্র কাৱালে  মজলিছৰে ...... !
এই কাৱালে  মজলিছৰে ...!  ইজাজৎ বিচাৰিছে.... !!

 (কথাছবি: লটিঘটি,১৯৬৬ চন)
(মহম্মদ্‌ ৰফি আৰু ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত কাৱালি)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: