অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

ৰক্ষা কৰা মোক


ৰক্ষা কৰা মোক কৰা ৰক্ষা
অলিয়ে গলিয়ে নিতে হেজাৰে বিনায়
কালৰূপী যক্ষ্মাই মৰাসুঁতি সাজি দিয়ে
বক্ষৰ লুইতখনি বাৰিষা শুকায়
এন্ধাৰ পঁজাত মুমূৰ্ষু জীৱনৰ
বন্তি নুমায় নুমায়
ক্ষয়ৰোগ বেশেৰে মৃত্যুৱে হাঁহি মাৰি
নিষ্ঠুৰ ধেমালি চায় ৷
আজি ৰোগাক্রান্তি বিজ্ঞান আঁচলৰ
নতুন বা ছাটি পায়..
সুন্দৰ স্বাস্থ্যৰ সমাজ সূচনা হওক
মৰণৰ হওক পৰাজয়
(ত) মুক্ত বায়ুৱে মাটিৰ মানুহক
জীৱন বসন্ত বিলায় ৷

( এইটো গুৱাহটীত যক্ষ্মাৰোগৰ চিকিৎসালয় উদ্বোধন ঊৎসৱত গৱা)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: