ভূ:হা: ৰমকে জমকে আছিল মোৰ অসমী
সোণৰ কপৌ ফুলে পিন্ধি !
সিংসাপ পিন্ধি লৈ জেতুকাৰ বোলেৰে
হাত ৰঙচুৱা কৰি
সমস্বৰে: কিনো দিন পৰিলে
কিনো দিন পৰিলে
কিনো দিন পৰিলে আজি ?
ভূ:হা: কলৈ গ’ল ৰঙে-চঙ ক’তনো সিংখাপ
গলত শিলিখাৰে মণি !
বদন-পূৰ্ণানন্দে শতৰু শালিলে
মান ৰূপ অসুৰক আনি
সমস্বৰে: কিনো দিন পৰিলে
কিনো দিন পৰিলে
কিনো দিন পৰিলে আজি ?
ভূ:হা: আমাৰে মজিয়াত শগুন বপুৰাই
খায় মৰা শ টানি
জয়াৰে দ’লতে ফেঁচাই কুৰুলিয়াই
অসমীৰ যাতনা দেখি !
সমস্বৰে: কিনো দিন পৰিলে
কিনো দিন পৰিলে
কিনো দিন পৰিলে আজি ?
ভূ:হা: কোম্পানী আহিলে মুখত হাঁহি লৈ
এখন্তেক বহোঁ দেই বুলি
বহিব পাই তেওঁ বৰ ঘৰ সোমালে
বুকুতে শেলেৰে হানি
সমস্বৰে: কিনো দিন পৰিলে
কিনো দিন পৰিলে
কিনো দিন পৰিলে আজি ?
ভূ:হা: স্বাধীন অসমীৰ ডিঙিতে আঁৰিলে
লোহাৰ শিকলিৰে মণি
স্বাধীন অসমীৰ ডিঙিতে আঁৰিলে
লোহাৰ শিকলিৰে মণি
অ’ কোন ক’ত আছা অসমীৰ বুকুতে
মোকলাই আনাহি ভাঙি
সমস্বৰে: কিনো দিন পৰিলে
কিনো দিন পৰিলে
কিনো দিন পৰিলে আজি ?
ভূ:হা: পানী টোপে টোপে সৰে মোৰ চকুটোৰ
বুকু তুঁহে জুই জ্বলি
তুঁহ জুইকুৰা তেজেৰে জ্বলোৱা
অসমী উঠিব হাঁহি
পানী টোপে টোপে সৰে মোৰ চকুটো !
পানী টোপে টোপে সৰে মোৰ চকুটো
বুকু তুঁহে জুই জ্বলি ..!
তুঁহ জুই একুৰাত তেজেৰে জ্বলোৱা
অসমী উঠিব হাঁহি
সমস্বৰে: কিনো দিন পৰিলে
কিনো দিন পৰিলে
কিনো দিন পৰিলে আজি ?
কিনো দিন পৰিলে
কিনো দিন পৰিলে
কিনো দিন পৰিলে আজি ?
কিনো দিন পৰিলে
কিনো দিন পৰিলে
কিনো দিন পৰিলে আজি ?
কিনো দিন পৰিলে
কিনো দিন পৰিলে
কিনো দিন পৰিলে আজি ?
কিনো দিন পৰিলে
কিনো দিন পৰিলে
কিনো দিন পৰিলে আজি ?
কিনো দিন পৰিলে
কিনো দিন পৰিলে
কিনো দিন পৰিলে আজি ?
(কথাছবি:পিয়লী ফুকন,১৯৫৫)
(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment