ভূ:হা:  নামি আহা সুন্দৰৰে 
দুয়ো:   সেনা শিল্পী দল
এৰা সপোন-ধেমালি..
বাধা যদি নিদিয়া 
পিশাচী এন্ধাৰক
ধৰা হ’ব ৰণেৰে ৰাঙলী ৷
ভূ:হা:  বাটে-পথে  যায় চোৱা 
সৌৱা পালে পাল
            মুমূৰ্ষু জীৱিত নৰকঙ্কাল 
            সিহঁতৰ কাৰণে 
আশাৰ গীত গোৱা জীৱনত 
সিহঁতৰ ৰহণ বোলোৱা
দুয়ো:   আজি মৰণক মষিমূৰি 
জীৱনৰ জেউতিৰে
             জ্বলোৱা দীপাৱলী 
বাধা যদি নিদিয়া
পিশাচী এন্ধাৰক
ধৰা হ’ব ৰণেৰে ৰাঙলী ৷
ভূ:হা:  অ’........
শঙ্কৰে যুঁজিলে সুৰৰে বৈৰী
নিশাচৰ যতমান পলালে লৱৰি 
আজি জীৱনৰ নাটকৰ দৃশ্য দেখুওৱা
আজি ৰণৰ অগনিক সুৰৰে নুমোৱা
দূয়ো:   নহ’লে সিহঁতে তীক্ষ্ণ নখেৰে
শিশুৰ কলিজা খাব ফালি 
            (আজি) সমাজৰ নাটঘৰ সজোৱা-পৰোৱা
            সাম্যৰ ৰহণ ঢালি
            শান্তিৰ ৰহণ ঢালি
            বাধা যদি নিদিয়া পিশাচী এন্ধাৰক
            ধৰা হ’ব ৰণেৰে ৰাঙলী 
            নামি আহা সুন্দৰৰে
            সেনা শিল্পী দল
এৰা সপোন-ধেমালি..
বাধা যদি নিদিয়া 
পিশাচী এন্ধাৰক
            ধৰা হ’ব ৰণেৰে ৰাঙলী 
            ধৰা হ’ব ৰণেৰে ৰাঙলী 
            ধৰা হ’ব ৰণেৰে ৰাঙলী ৷৷
(গুৱাহাটী: আগষ্ট , ১৯৫৩ চন)
(ভূপেন
হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment