অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

নাই ভয় নাই (ভাষা ভৰা পৃথিৱীৰ)


ভাষা ভৰা পৃথিৱীৰ
বিদ্রোহী কথা গীত
কাণ পাতি শুনিবৰ শকতি নাই ৷

উমৰি গুমৰি থকা
জীৱনৰ ভাৰ ৰাশি
জগতক শুনাবৰ ভাষা নাই ৷

আছে কত ইঙ্গিত
পৰাজয় নাই
আছে নানা সঙ্কেত নাই ভয় নাই ৷৷

বিজ্ঞানে আগুৱাই যায়
নতুন সভ্যতাত
বধিৰতা মূকতাৰ কাৰাগাৰ নাই ৷৷

ভাষাহীন মৃত্যুক
মষিমূৰ কৰি থৈ
অগণিত মূকেও জয় গীত গায়
বধিৰতা মূকতাৰ এনলধৰ নাই
শিক্ষাৰ জেউতিৰে যাম আগুৱায় ৷৷

(এই গীতটো গুৱাহাটীত কলা-বোবাৰ বিদ্যালয় উদ্বোধন উৎসৱ উপলক্ষে ৰচা)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: