দুয়ো: ধম্ ধমা ধম্ ধম্ ধমা ধম্ জীৱন মাদল বাজে
জ:হা: আজি নতুন নতুন মনৰ মানুহ নতুনভাৱে সাজে
নতুন নতুন মনৰ মানুহ নতুনভাৱে সাজে
দুয়ো: ধম্ ধমা ধম্ ধম্ ধমা ধম্ জীৱন মাদল বাজে
আজি নতুন নতুন মনৰ মানুহ নতুনভাৱে সাজে
দুয়ো: গিজাতা গিজাও
গিজাতা গিজাও ৰঙা জবা ফুল
ছোট বড় গৰীব নাই, নাই জাতোকুল ৷৷
জ:হা: ওপৰ মহল নীচৰ মহল কোনো বিভেদ নাই
ওপৰ মহল নীচৰ মহল কোনো বিভেদ নাই
দুয়ো: এই আসামত যিমান আছোঁ সৱেই ভাই ভাই
জ:হা: হা, সৱেই ভাই ভাই
দুয়ো: ধম্ ধমা ধম্ ধম্ ধমা ধম্ জীৱন মাদল বাজে
আজি নতুন নতুন মনৰ মানুহ নতুনভাৱে সাজে
নতুন নতুন মনৰ মানুহ নতুনভাৱে সাজে
নাৰী স:চাহ বাগানত সবুজ সবুজ সোণা পৰি ৰয়
চাহ বাগানত সবুজ সবুজ সোণা পৰি ৰয়
জ:হা: মনৰ মানুহৰো দিলত প্রেমৰ খেতি হয়
হা,প্রেমৰ খেতি হয়
দুয়ো: ধম্ ধমা ধম্ ধম্ ধমা ধম্ জীৱন মাদল বাজে
আজি নতুন নতুন মনৰ মানুহ নতুনভাৱে সাজে
নতুন নতুন মনৰ মানুহ নতুনভাৱে সাজে
জ:হা: আচমান এক, এক দুনিয়া সৱৰ খুনেই লাল
আচমান এক, এক দুনিয়া সৱৰ খুনেই লাল
দুয়ো: সৱে মিলি দুনিয়াটোক সজাই দিয়া ভাল
হা, সজাই দিয়া ভাল
ধম্ ধমা ধম্ ধম্ ধমা ধম্ জীৱন মাদল বাজে
আজি নতুন নতুন মনৰ মানুহ নতুনভাৱে সাজে
নতুন নতুন মনৰ মানুহ নতুনভাৱে সাজে
নতুন নতুন মনৰ মানুহ নতুনভাৱে সাজে ৷৷
(ভূপেন হাজৰিকাদেৱে ৰচা জয়ন্ত হাজৰিকা আৰু
লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত,কথাছবি: নিয়তি, ১৯৭৬)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment