অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

ধুমুহা ধুমুহা


ধুমুহা .. ধুমুহা ..
ধুমুহাত মই থৈ যাম
মোৰ গতি
ধুমুহাত মই থৈ যাম
মোৰ গতি
ধুমুহাত মই থৈ যাম
মোৰ গতি
ধুমুহাত.. গতি  ৷

সেই পৃথিৱীৰ ভূমি উৰুৱাম..
সেই পৃথিৱীৰ ধূলি উৰুৱাম
বৰ বৰ গছ
উভালি পেলাম
বৰ বৰ গছ
উভালি পেলাও..
সৃষ্টিৰ ন সহাৰি বিলাওঁ
সৃষ্টিৰ ন সহাৰি বিলাওঁ
পুৰণিক দিওঁ যতি !
পুৰণিক দিওঁ যতি !
ধুমুহাত মই থৈ যাওঁ
মোৰ গতি
ধুমুহাত মই থৈ যাওঁ
মোৰ গতি
ধুমুহা .. ধুমুহা .. ! !

মোৰ দুৰন্ত বিশাল প্রেমে..
অনন্ত আকাশ চুমে
মোৰ দুৰন্ত বিশাল প্রেমে..
অনন্ত আকাশ চুমে
যেন হাজাৰ প্লাৱনে
প্রাণলে প্লাৱন আনে
যেন হাজাৰ প্লাৱনে
প্রাণলে প্লাৱন আনে
সেই জোৱাৰত সৰোবৰ আজি !
ক উঠি ভহি
সেই জোৱাৰত সৰোবৰ আজি !
ক উঠি ভাহি
মই দুৰ্বাৰ বেগে যাও আগবাঢ়ি
দুৰ্বাৰ .. বেগে যাও আগবাঢ়ি
সীমাৰ পৰিধি ভাঙি !
সীমাৰ.. পৰিধি ভাঙি !
ধুমুহাত মই থৈ যাওঁ
মোৰ গতি
ধুমুহাত মই থৈ যাওঁ
মোৰ গতি
ধুমুহাত... গতি ৷

মই মৃত্যু নকৰো ভয় !
পাচলে নেচাওঁ মই
মই মৃত্যু নকৰো ভয় !
পাচলে নেচাওঁ মই
নতুন দিনৰ সৃষ্টি তৃষা
(যি) নতুন দিনৰ সৃষ্টি বিচাৰি
কৰো নৱ প্রস্তুতি !

কৰো নৱ প্রস্তুতি
ধুমুহাত মই থৈ যাম
মোৰ গতি
ধুমুহাত মই থৈ যাওঁ
মোৰ গতি
ধুমুহা... !
মই মৃত্যু নকৰো ভয় !
পাচলে নেচাওঁ মই
নতুন দিনৰ সৃষ্টি তৃষা
(যি) নতুন দিনৰ সৃষ্টি বিচাৰি
কৰো নৱ প্রস্তুতি !
কৰো নৱ প্রস্তুতি !

ধুমুহাত মই থৈ যাম
মোৰ গতি
ধুমুহাত মই থৈ যাওঁ
মোৰ গতি
ধুমুহা .. ধুমুহা ..
ধুমুহা .... ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: