অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

মুচলমানে বোলে হ’ আল্লা


ভূ:হা:              মুচলমানে.. বোলে হ আল্লা.....
মুচলমানে বোলে হ আল্লা..
হিন্দুয়ে বোলে হৰি....
সমস্বৰে:          হিন্দুয়ে বোলে হৰি
হিন্দুয়ে বোলে হৰি
মৰণকালে যাইব মোল্লা
একে বাটে চলি মোল্লা
একে বাটে চলি  ৷

ভূ:হা:              মুচলমানে কৰে হালাল
মুচলমানে কৰে হালাল..
হিন্দুৰ বিধান বলি....
সমস্বৰে:          হিন্দুৰ বিধান বলি
হিন্দুৰ বিধান বলি
ভোগৰ বেলা দুয়োজনেই
পায় একেই, একেই মোল্লা
যায় এইদৰে চলি ৷

ভূ:হা:              কোৰাণৰে আয়াততে,
কোৰাণৰে আয়াততে
আল্লাৰে গুণ গা..য়
সমস্বৰে:          আল্লাৰে গুণ গায়
আল্লাৰে গুণ গায়,
বেদ-পুৰাণত ঈশ্বৰৰ
গুণৰ কথা পায়  হ মোল্লা !
গুণৰ কথা পা..য়

ভূ:হা:              বাইবেলৰ ....
কপলেট অৱ গ..ৰ্গ
মহান বুলি কয়...
২য় পুৰুষ:        মহান বুলি কয়
সমস্বৰে:          মহান বুলি কয়
জ্ঞানিজনে ঈশ্বৰ-আল্লা হ মোল্লা !
ভক্তিৰে নৈ বয় ৷

ভূ:হা:              মন্দিৰতে সেৱা জনাই
মন্দিৰতে সেৱা জনাই
গুৰুৰ মাগে বৰ...
সমস্বৰে:          গুৰুৰ মাগে বৰ
গুৰুৰ মাগে বৰ
মচজিদতে শুনো আজান
হজৰ মতিবৰ হ মোল্লা
হজৰ মতিবৰ
মচজিদত শুনো আজান
হজৰ মতিবৰ হ মোল্লা
হজৰ মতিবৰ ৷

ভূ:হা:              একেই মানুহ নানাৰ ৰূ..পে...
একেই মানুহ নানাৰ ৰূপে
একেই মানুহ নানাৰ ৰূ..পে...
ঈশ্বৰে চিন্তি পায়..
সমস্বৰে:          ঈশ্বৰ চিন্তি পায়
ঈশ্বৰ চিন্তি পায়
মাটিৰ পৰাই সৃষ্টি দেহা
মাটিত মিলি যায় হ মোল্লা
মাটিত মিলি যায়
মুচলমানে বলে হ আল্লা
মুচলমানে বলে হ আল্লা
হিন্দুয়ে বোলে হৰি
হিন্দুয়ে বোলে হৰি
মুচলমানে বলে হ আল্লা (দীঘল আলাপ শেষলৈকে)
হিন্দুয়ে বোলে হৰি
হিন্দুয়ে বোলে হৰি
হিন্দুয়ে বোলে হৰি ৷৷

(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

1 comment:

Unknown said...

I want to listen this song. Would you send me the recording of this song. Please